৬ মাৰ্চত অসমত পৌৰ নিৰ্বাচন, ৯ মাৰ্চত ভোটগণনা



অসমৰ ৮০খন পৌৰসভাত অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৯ মাৰ্চত ভোটগণনা সম্পন্ন হ’ব। আজি গুৱাহাটীত এনুষ্ঠিত এখন সংবাদ মেলত ৰাজ্যিক নিৰ্বাচন আয়োগে এই ঘোষণা কৰে। অৰ্থাৎ আজিৰে পৰা ৰাজ্যখনত ববলৱৎ হ’ল নিৰ্বাচনী আচৰণবিধি।

সংবাদ মেলত আয়োগে জনোৱা অনুসৰি, ১৫ ফেব্ৰুৱাৰী মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন। ১৭ ফেব্ৰুৱাৰীত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব। ২০ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। আনহাতে, কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে কেতবোৰ কঠোৰ নিয়ম বাধ্যতামূলক কৰিছে। সেই অনুসৰি, প্ৰাৰ্থী অথবা দলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব। কিন্তু ১৫জনৰ অধিক ব্যক্তিক লগত লৈ যাব নোৱাৰিব। লক্ষ্যণীয় কথাটো হৈছে, এইবাৰৰ নিৰ্বাচন ইভিএমৰজ জৰিয়তে সম্পন্ন হ’ব। আনহাতে, পৌৰ নিগমলৈ উন্নীত হোৱা শিলচৰত সদ্যহতে নিৰ্বাচন অনুষ্ঠিত নহয়।

উল্লেখ্য যে বিগত কিছুদিন ধৰি ৰাজ্যখনত পৌৰ নিৰ্বাচনক লৈ জল্পনা-কল্পনা তুংগত উঠিছিল। শাসক দলৰ জনপ্ৰতিনিধি, নেতা-কৰ্মী হঠাতে পৌৰ অঞ্চলৰ উন্নতিক লৈ সক্ৰিয় আৰু তৎপৰ হৈ পৰিছিল। কেইবাঠাইতো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা, মুকলি সুলভ হৈ পৰিছিল। ইফালে, গণতান্ত্ৰিক ব্যৱস্থাটোত যি পৰ্যায়তে নহওক কিয়, নিৰ্বাচন জৰুৰী। জনসাধাৰণক পছন্দৰ প্ৰতিনিধি বাছনিৰ সুবিধা দি বিকাশৰ গতিধাৰাটো অব্যাহত ৰখা চৰকাৰ এখনৰ দায়িত্ব। শাসন ব্যৱস্থাত জনসাধাৰণৰ অংশীদাৰিত্ব তেতিয়াহে বৃদ্ধ হয় যেতিয়া নিৰ্বাচনৰ জৰিয়তে জনপ্ৰতিনিধি নিৰ্বাচিত কৰি তেওঁলোকৰ হাতত উন্নয়নৰ দায়িত্ব দিয়া হয়। এই প্ৰেক্ষাপটত ৰাজ্য চৰকাৰে পৌৰ নিৰ্বাচন অনুষ্ঠিতকৰণত সেউজ সংকেত দি নিৰ্বাচন আয়োগক দায়িত্ব অৰ্পণ কৰাটো গণতন্ত্ৰৰ স্বাস্থ্যৰ বাবে এটা সুখবৰ হিচাপে বিবেচিত হৈছে। এতিয়া দায়িত্ব জনসাধাৰণৰ-যোগ্য প্ৰতিনিধি নিৰ্বাচিত কৰি বিকাশৰ ধাৰাটোক নিজৰ হাতলৈ আনক।

1 view0 comments