মেচুকাত মুন্নাভাই : অৰুণাচলৰ ব্ৰেণ্ড এম্বেছাদৰ হ'ব বলীউড তাৰকা সঞ্জয় দত্ত




ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনৰ এটা জনপ্ৰিয় আৰু সকলোৰে পছন্দৰ ঠাই এডোখৰ হৈছে অৰুণাচল প্ৰদেশ। অনুপম প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ ৰাজ্যখনে অকল ভাৰতৰে নহয়, বিদেশৰো অগণিত লোকক হাত বাউল দি মাতে। সাতভনীৰ এই মনোমোহা ৰাজ্যখনৰ পৰ্যটন উদ্যোগক জনসাধাৰণৰ অধিক কাষলৈ লৈ যোৱাৰ উদ্দেশ্যে ইটানগৰে শেহতীয়াকৈ এটা উল্লেখযোগ্য পদক্ষেপ হাতত লৈছে। বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তক অৰুণাচলৰ ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি দিয়া হ'ব। তেওঁ অৰুণাচলৰ অনবদ্য প্ৰাকৃতিক সৌন্দৰ্য আৰু অতুল্য জনজাতীয় কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাক বিশ্ববাসীৰ সন্মুখলৈ লৈ যাব। ইয়াৰ পূৰ্বে জন আব্ৰাহাম, চলমান খানকো অৰুণাচল চৰকাৰে ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি দিছিল।


উল্লেখ্য যে ২০২২ চনত অৰুণাচলৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে অৰুণাচল বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” শীৰ্ষক এটা অনুষ্ঠানৰ বাবে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সোমবাৰে ৰাজ্যখনৰ চীন সীমান্তস্থিত চি-য়মি জিলাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰৰ লগতে উপস্থিত থাকে বলীউডৰ অভিনেতা সঞ্জয় দত্ত।


অভিনেতাগৰাকীয়ে মেচুকালৈ যোৱাৰ পথত বিশেষ বিমানযোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত সঞ্জুবাবাক ফুলাম গামোচাৰে আদৰণি জনায় মোহনবাৰীস্থিত অৰুণাচলৰ আৱাসিক উপ-আয়ুক্ত ৰাণা বৰকটকী আৰু বিধানসভাৰ বিষয়াসকলে। মেচুকাত অৰুণাচল চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব মুন্নাভাই। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰি মেচুকাত দুদিন কটাব অভিনেতাগৰাকীয়ে।

4 views0 comments