১৮ বছৰ নহয়, বয়ঃসন্ধিৰ পিছতেই বিবাহত বহিব পাৰে মুছলমান ছোৱালী : হাইক’ৰ্ট




প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত ছোৱালীৰ বিবাহৰ বয়স বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে দেশজুৰি বিষয়টোক লৈ চলিছে তুমুল বিতৰ্ক। এনে সময়তে পঞ্জাব এণ্ড হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ে বিষয়টোৰ বিতৰ্কত অধিক মাত্ৰা প্ৰদান কৰিছে। আদালতে কৈছে যে বয়ঃসন্ধিৰ পিছতে মুছলমান ছোৱালীয়ে বিবাহত বহিব পাৰে। ইয়াৰ বাবে ১৮ বছৰ বয়স পাৰ হোৱা বা সাবালিকা হোৱাৰ প্ৰয়োজন নাই।


এগৰাকী মুছলমান নাবালিকা আৰু হিন্দু যুৱকৰ বিবাহ সংক্রান্তিয় গোচৰ এটাৰ ৰায় দি আদলতে এই মন্তব্য দিছে। ইয়াত কোৱা হৈছে যে মুছলিম পাৰ্ছনেল ল’-ত এই নিয়মৰ উল্লেখ আছে। বিচাৰকগৰাকীয়ে লগতে কৈছে যে বয়ঃসন্ধিৰ পাছত ছোৱালীৰ বিবাহ সম্পৰ্কীয় সিদ্ধান্ত পৰিয়ালৰ লোকে হস্তক্ষেপো কৰিব নোৱাৰে।

উল্লেখ্য যে ইসলাম ধর্মালম্বী ১৭ বছৰীয়া ছোৱালীগৰাকীয়ে তেওঁৰ হিন্দু প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। বিবাহখনত পৰিয়ালৰ সদস্যৰ সন্মতি নাছিল। পৰিয়ালৰ লোকে বিবাহখনক অবৈধ আখ্যা দিয়ে। ইয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হয় ছোৱালীগৰাকী। গোচৰটোৰ ৰায় দি ন্যায়াধীশ গিলে কয় যে ছোৱালীগৰাকীয়ে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হোৱাৰ অৰ্থ এইটো নহয় যেতেওঁ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ’ব। াদালতে চকু মুদি থাকিব নোৱাৰে।

ন্যায়াধীশ গিলে ‘Principles of Mohammedan Law by Sir Dinshah Fardunji Mulla’-আইনৰ উল্লেখ কৰে। তেওঁৰ দাবী- এই আইন অনুসৰি, ইছলাম ধর্মাৱলম্বী ছোৱালী বয়ঃসন্ধি পাৰ হ’লেই বিবাহযোগ্য। সেই সময়ত নিজৰ পছন্দৰ পাত্রৰে বিবাহপাশত আবদ্ধ হ’ব পাৰে। আৰু গোচৰটোৰ আবেদনকাৰীৰ বয়স ১৭ বছৰ। মুছলিম পাছৰ্নেল ল’j মতে ছোৱালীগৰাকীৰ বিবাহৰ বয়স হৈ গৈছে। দেশৰ ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাৰ সময়তে আদালতৰ এইটো ৰায় লক্ষণীয় হৈ পৰিছে।

8 views0 comments