ভাৰতৰ মুছলমান পাকিস্তানৰ মুছলমানতকৈ অধিক সুৰক্ষিত





বিজেপিৰ শাসনত ভাৰতত মুছলমানে সুৰক্ষিত অনুভৱ নকৰে বুলি একাংশ স্বাৰ্থজড়িত মহলে সময়ে সময়ে অভিযোগ কৰে। মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব বিনোদ টাৱড়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।তেওঁ বক্তব্যত পাকিস্তানৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয়, ”ভাৰতৰ মুছসমান লোকসকল পাকিস্তানতকৈ বেছি সুৰক্ষিত আৰু তেওঁলোকে বিজেপিৰ শাসনত নিজকে সুৰক্ষিত অনুভৱ কৰে।”


তেওঁ কয় যে মুছলমান লোকসকলৰ সুক্ষাৰ বাবে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব। কাশ্মীৰ ভ্ৰমণৰ সময়ত টাৱড়ে এখন সভা সম্বোধন কৰি এই মন্তব্য দিয়ে।


তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত থকা চৰকাৰখনে সমগ্ৰ বিশ্বৰ বৃহৎ গণতন্ত্ৰৰ ১২৫ কোটি লোকৰ বাবে কাম কৰে।এই চৰকাৰে এয়া সুনিশ্চিত কৰে যে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু পূৰ্বোত্তৰৰ পৰা গুজৰাটলৈ সকলো ৰাজ্যৰে বিকাশ হোৱাটো।


তেওঁ কয় যে বিজেপিৰ কৰ্মকৰ্তা সকলে কেতিয়াও জিৰণি নলয়, তেওঁলোকে প্ৰতিদিনেই সাধাৰণ জনতাৰ বাবে কাম কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে একমাত্ৰ এনে মুখ্যমন্ত্ৰী যিয়ে দিপাৱলী উদযাপন কৰিছে আৰু বানপানীৰ সময়ত বিভিন্ন অঞ্চল গৈ ৰাইজৰ ওচৰত থিয় দিছে।


উল্লেখ্য যে, এই সময়ছোৱাত তেওঁ বিৰোধীক বিভিন্ন মন্তব্যৰে কটাক্ষম কৰে। বিৰোধীয়ে ভ্ৰষ্টাচাৰ, আৰাজকতাৰ সৃষ্টি কৰা বুলি কয় অভিযোগ কৰে তেওঁ।

3 views0 comments