পুনৰ অশান্ত অঞ্চল ঘোষিত নাগালেণ্ড : বাঢ়িল আফস্পাৰ ম্যাদ : নগাৰ প্ৰতিবাদ নৰজিল




নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাত কেইবাজনো নিৰীহ লোকক সেনাই ভুলতে গুলীয়াই হত্যা কৰাৰ পিছত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতি, তীব্ৰ প্ৰতিবাদ, ৰাজনৈতিক চাপ আদিয়ে অন্তত নাগালেণ্ডৰ পৰা আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ হ'ব দেশজুৰি প্ৰত্যাশা এটা গঢ়ি উঠিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে সেয়া অসাৰ প্ৰতিপন্ন কৰি পুনৰ ছমাহৰ বাবে নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰি ক'লা আইনখনো ছমাহলৈ বলৱৎ হৈ থকাটো নিশ্চিত কৰিলে।

৩০ ডিচেম্বৰৰ পৰা অৰ্থাৎ আজিৰেপৰা ৬মাহৰ কাৰণে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি ৰাজ্যখনক অশান্ত  অঞ্চল হিচাপে ঘোষণা কৰা হয়। সামৰিক বাহিনী (বিশেষ অধিকাৰ) আইন ১৯৫৮ৰ ৩নং দফাই কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি গৃহ মন্ত্ৰালয়ে এই ঘোষণা তথা সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা ৰাজ্য কমেও ৬ মাহৰ আফস্পাৰ অধীনত থকাটে নিশ্চিত হ'ল। নাগালেণ্ডৰ লাখ লাখ লোকৰ প্ৰতিবাদ, দাবী আৰু এবাৰ নিৰ্মমভাৱে উপেক্ষিত হৈ ৰ'ল।



চৰকাৰী জাননীখনত কোৱা হৈছে, কেন্দ্ৰীয় চৰকাৰৰ মতে সমগ্ৰ নাগালেণ্ড ৰাজ্যৰ পৰিস্থিতি এনেভাৱে ভয়ংকৰ আৰু অশান্ত হৈ পৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক সেনা বাহিনীৰ সহযোগৰ প্ৰয়োজন হ’ব । সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।


উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলাত সেনাবাহিনীৰ হাতত ১৪জন নিৰীহ লোকৰ প্ৰাণ যোৱাৰ পিছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আইনখন বাতিলৰ দাবী উত্থাপন হয়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই আইনখন বাতিলৰ পোষকতা কৰে। তদুপৰি নাগালেণ্ড বিধানসভাই এই সন্দৰ্ভত এটা প্ৰস্তাৱো গ্ৰহণ কৰে। অকল সেয়াই নহয়, আইনখন বাতিলৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২৬ ডিচেম্বৰত এখন উচ্চ  পৰ্যায়ৰ কমিটীও গঠন কৰি দিছিল । দেশৰ মহাপঞ্জীয়ক, নাগালেণ্ডৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালকপ্ৰধান, নাগালেণ্ডত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ মূৰব্বী, সেনাবাহিনী, গৃহ মন্ত্ৰালয় আৰু চোৰাংচোৱা সংস্থাৰ প্ৰতিনিধিক লৈ কমিটীখন গঠন কৰা হয়। কমিটীত ৪৫ দিনত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে ৰাজ্যখনত আফস্পা বৃদ্ধি পালেও কমিটীখন সন্দৰ্ভত নতুনকৈ একো ঘোষণা কৰা হোৱা নাই।


ইফালে, ৰাজ্যখনক পুনৰ অশান্ত অঞ্চল ঘোষণা ককাত নাগালেণ্ডৰ জনসাধাৰণে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ পৰা আফস্পা প্ৰত্যাহাৰৰ সপক্ষে ইতিমধ্যে জনমত গঢ় লৈ উঠিছে। অকল নাগালেণ্ড নহয়, উত্তৰ-পূবৰ আন এখন ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আফস্পা বাতিলৰ দাবী জনাইছিল।

7 views0 comments