নাগিনীজান বাগিচা : চুলাইৰ বটল নাপাই পত্নীক বৰ্বৰতাৰে হত্যা



ঘৰত আনি থোৱা সুৰাৰ বটল উলিয়াই নিদিয়া বাবেই মৰিয়নিৰ নকছাৰীৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিচাত সংঘটিত হয় এটা শিহৰণকাৰী হত্যাকাণ্ড। বাগিচাখনৰ বিলবস্তিত ঘাতক স্বামীয়ে পত্নীক অবৰ্ণনীয় নৃশংসতাৰে হত্যা কৰে। প্ৰথমে ফলা খৰি, বাঁহ আদিৰে পত্নীৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰে । বাঁহেৰে মহিলাগৰাকীৰ দেহৰ একাধিক স্থানত খোঁ‌চে । তদুপৰি, মহিলাগৰাকীৰ দেহত দাৰে আঘাত কৰা। গুপ্তাংগত বাঁহেৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে। নিৰ্মম হত্যাৰ কাৰণটো হ'ল হত্যাকাৰী লক্ষীৰাম কৰ্মকাৰে পান কৰাৰ ঘৰত চুলাইৰ বটল আনি থৈছিল। এগৰাকী দায়িত্বশীল পত্নী চম্বাৰী কৰ্মকাৰে বটলকেইটা লুকুৱাই ৰাখিছিল। তেওঁ বিচৰা নাছিল স্বামীয়ে সেই বিহবোৰ পান কৰি শৰীৰটো নষ্ট কৰক। তাতেই লাগিল লেঠা। চুলাইৰ বটল উলিয়াই নিদিয়া বাবে পত্নীক বৰ্বৰতাৰে হত্যা কৰে। আৰক্ষীয়ে ঘাতক লক্ষীৰামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।



হত্যাকাৰী লক্ষীৰামে মঙলবাৰে নিশাই পত্নীক হত্যা কৰি পুৱা মৃতদেহটো পুতিবৰ বাবে যো-জা চলাওঁতে লক্ষীৰামৰ আচৰণ আৰু মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন দেখি চুবুৰীয়া লোকে দেবেৰাপাৰ আৰক্ষীক খবৰ দিয়ে । উল্লেখ্য যে হত্যাকাৰী লক্ষীৰামে সুৰাপান কৰি দীৰ্ঘদিন ধৰি পত্নী চম্বাৰী কৰ্মকাৰৰ লগত কাজিয়াত লিপ্ত হৈ নিৰ্মম শাৰীৰিক নিৰ্যাতন চলাই আহিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে । যোৱা নিশা কাজিয়াই চুড়ান্ত ৰূপ লয়। স্থানীয় এটা সূত্ৰ মতে, লক্ষীৰামে ঘৰত আনি লুকুৱাই থোৱা সুৰাৰ বটল বিচাৰি পত্নী চম্বাৰীক অমানুষিকভাৱে মাৰপিট কৰে আৰু অকথ্য নিৰ্যাতন চলাই হত্যা কৰে । পিছত দেবেৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে হত্যাকাৰী স্বামী লক্ষীৰামক আটক কৰে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।


ইফালে, ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোৱে ৰাজ্যৰ চাহ বাগিচা অঞ্চলসমূহত চুলাইৰ অবাধ প্ৰচলন আৰু ইয়াৰ ফলত হত্যা, ধৰ্ষণ, চুৰি ডকাইতিৰ দৰে অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে, কথাটোক পুনৰ প্ৰমাণ কৰিলে ।

7 views0 comments