দুলীয়াজানত গাড়ীৰ খুন্দাত প্ৰাণ গ'ল নাহৰফুটুকীৰ : দাঁত-নখ-নোম কটাত লাগিল জীৱশ্ৰেষ্ঠ





তৈলনগৰী দুলীয়াজানত মঙলবাৰে নিশা এৰন দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় এটা নাহৰফুটুকীয়ে। দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই অহা নাহৰফুটুকীটোক এখন তীব্ৰবেগী বাহনে খুন্দা মাৰে।




ইফালে, নাহৰফুটুকীটোৰ মৃত্যুৰ খবৰ পাই শ শ লোক ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰে একাংশই মৃত নাহৰফুটুকীটোৰ দাঁত, নখ আৰু নোম কাটি লৈ যায়।


জানিব পৰা মতে, নাহৰফুটুকীটোৱে অঞ্চলটোত দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ–জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰাজ চলাই আহিছিল। কিন্তু স্থানীয় ৰাইজ আবেদন-নিবেদনক উপেক্ষা কৰি বন বিভাগে নাহৰফুটুকীটোক বন্দী কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।



ইফালে, ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। বন বিভাগে নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰিছে। আনহাতে, নাহৰফুটুকীটোক খুন্দিয়াই নিহত কৰা অচিনাক্ত গাড়ীখনৰ সন্ধান চলাইছে দুলীয়াজান আৰক্ষীয়ে।

10 views0 comments