কাছাৰত বিশেষভাৱে সক্ষম কিশোৰীক বলাৎকাৰ নৰাধম যজ্ঞুৰ




কাছাৰ জিলাত এগৰাকী বিশেষভাৱে সক্ষম ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে যজ্ঞু গৌড় নামৰ এটা নৰাধম। ইফালে কিশোৰীগৰাকীক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জঘন্য ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ জয়পুৰ থানাৰ অন্তগৰ্ত লেদিয়া চাহ বাগিছাত ৷



ধৰ্ষিতাৰ অভিভাৱকে এজাহাৰত অভিযোগ কৰা মতে, যোৱা শুকুৰবাৰে প্ৰতিদিনৰ দৰে পৰিয়ালটোৱে কিশোৰীগৰাকীক ঘৰত অকলে থৈ কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ৷


প্ৰতিৱেশী যজ্ঞুৱে সেই সুযোগতে ঘৰত প্ৰৱেশ কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ৷


সন্ধিয়া ঘৰত উপস্থিত হৈ ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালটোৱে তেওঁলোকে জয়পুৰ আৰক্ষী চকীত লম্পট যজ্ঞুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ তৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট যজ্ঞু গড়ক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে ৷

8 views0 comments