ৰাষ্ট্ৰীয় গাখীৰ দিৱস, ২০২১, মিল্কমেন বৰ্গীজ কুৰীয়েনৰ জন্ম জয়ন্তী





আজি ২৬ নৱেম্বৰ, মিল্কমেন ডঃ বৰ্গীজ কুৰীয়েনৰ ১০০-তম জন্ম জয়ন্তী যাক 'শ্বেত বিপ্লৱৰ জনক' নামেৰেও জনা যায় । ২০১৪ চনৰ পৰা প্ৰতি বছৰে তেওঁৰ জন্মদিনটোক ৰাষ্ট্ৰীয় গাখীৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে । কুৰীয়েনৰ শ্বেত বিপ্লৱে কৃষক সহযোগী প্ৰণালীৰ মাধ্যমেৰে দেশৰ গাখীৰ উৎপাদকক এক আমদানিকাৰকৰ পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ গাখীৰ উৎপাদকলৈ সলনি কৰি পেলাইছিল । এই প্ৰাপ্তি কেৱল বৃহৎ উৎপাদনৰ দ্বাৰা সম্ভৱ হোৱা নাছিল, এই প্ৰাপ্তি সম্ভৱ হৈছিল বৃহৎ সংখ্যক জনতাৰ দ্বাৰা হোৱা উৎপাদনৰ ফলত । এই প্ৰক্ৰিয়াকেই শ্বেত বিপ্লৱ নামেৰে জনা যায় । ইয়াক কুৰীয়েনৰ 'বিলিয়ন লিটাৰ আইডিয়া' নামেৰেও জনা যায় । কুৰীয়েনৰ মতে, এজন গ্ৰামীণ সহকাৰীৰ ভূমিকা কেৱল নিজৰ সদস্যসকলৰ উৎপাদনক আগুৱাই নিয়া আৰু ইনপুট সেৱাসমূহ উপলব্ধ কৰোৱাতেই সীমাবদ্ধ নাথাকে, সেই উৎপাদনক অন্তিম উপভোক্তাৰ সৈতে সংযোগ কৰাৰ কামতো তেওঁলোক জড়িত থকাটো উচিত । ইয়াৰ বাবে নিজৰ উৎপাদনক আনৰ পৰা পৃথক হিচাপে চিনাকি দিব পৰা এক ব্ৰেণ্ড হিচাপে বনোৱাটো আৱশ্যকীয় । 'অপাৰেচন ফ্লাড'ৰো এক উদ্দেশ্য আছিল, তাৰ ফলতেই গাখীৰ উৎপাদন উদ্যোগ দেশৰ সকলোতকৈ ডাঙৰ আত্মনির্ভৰশীল উদ্যোগ হোৱাৰ উপৰিও সকলোতকৈ ডাঙৰ গ্ৰামীণ কৰ্মসংস্থান ক্ষেত্ৰলৈ পৰিৱৰ্তিত হ'ল ।

6 views0 comments