আজি ১৬ নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস




১৯৬৬ চনত স্থাপিত ভাৰতীয় প্ৰেছ পৰিষদক সন্মানিত কৰাৰ বাবে আৰু স্বীকৃতি দিয়াৰ বাবে প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস' হিচাপে পালন কৰা হয় । আজিৰ এই দিনটোতে ভাৰতীয় প্ৰেছ পৰিষদে 'প্ৰেছ' বোলা এই শক্তিশালী মাধ্যমটোৰ পৰা অপেক্ষিত উচ্চ মানক বজাই ৰখাৰ বাবে নৈতিক প্ৰহৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল । ভাৰতত প্ৰেছৰ স্বাধীনতাক ৰক্ষা কৰিবলৈ ১৯৫৬ চনত প্ৰথম প্ৰেছ কমিচনে প্ৰেছ কাউন্সিল গঠন কৰাৰ পৰিকল্পনা হাতত লৈছিল । ১৯৬৬ চনৰ ৪ জুলাই তাৰিখে ভাৰতত প্ৰেছ কাউন্সিলক প্ৰতিষ্ঠা কৰা হৈছিল । সেই চনৰে ১৬ নৱেম্বৰ তাৰিখৰ পৰা কাউন্সিল কাৰ্যকৰী হৈছিল । সেয়ে প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয় । ১৯৭৮ চনৰ প্ৰেছ কাউন্সিল এক্টৰ অধীনত প্ৰেছ কাউন্সিলক প্ৰতিষ্ঠা কৰা হৈছিল । ভাৰতৰ প্ৰেছ কাউন্সিলৰ বৰ্তমানৰ অধ্যক্ষ হৈছে ন্যায়াধীশ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদ । তেওঁ দ্বিতীয়বাৰৰ বাবে অধ্যক্ষৰ আসন শুৱনি কৰিছে । ইয়াৰ আগতে ২০১১ চনৰ পৰা ২০১৪ চনলৈ প্ৰেছ কাউন্সিলৰ অধ্যক্ষ আছিল ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজু ।

5 views0 comments