পিছুৱাই দিয়া হৈছে NEET PG কাউন্সিলিং, ৰেছিডেন্ট ডাক্তৰসকলৰ অসন্তুষ্টি, আজিৰে পৰা দেশজোৰা ধৰ্ণাৰ আহ্ব




NEET PG কাউন্সিলিং ২০২১-ক পিছুৱাই দিয়াৰ সিদ্ধান্ত কেন্দ্ৰই লোৱাৰ পিছতে ইয়াৰ বিৰুদ্ধে ফেডাৰেচন অফ ৰেছিডেন্স ডক্তৰছ এছ'চিয়েছনে যোৱা বৃহস্পতিবাৰে নিশা এক দেশজোৰা ধৰ্ণাৰ আহ্বান কৰে । ২৭ নৱেম্বৰ তাৰিখে হবলগীয়া ধৰ্ণা কাৰ্যসূচীৰ বাবে আউট-পেছেন্ট (out patient) বিভাগবোৰৰ পৰা সকলো ৰেছিডেন্ট ডাক্তৰক নিজৰ সেৱা উঠাই লবলৈ মেডিকেল ফ্ৰেটাৰ্নিটি বডীয়ে আহ্বান জনায় । NEET PG মেডিকেল কোৰ্চৰ চাৰি সপ্তাহ পিছুৱাই দিয়া বুলি কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনোৱাৰ পিছতে এই আহ্বান জনোৱা হয় । এই সিদ্ধান্তৰ বিৰোধিতা কৰি এছ'চিয়েছনে কয় যে ইতিমধ্যে মহামাৰীয়ে দেশৰ ৰেছিডেন্ট ডাক্তৰসকলক অতিমাত্ৰা বোজা জাপি দি ক্ষতিগ্ৰস্ত কৰিছে, তাৰ পিছতো ইতিমধ্যেই পলম হোৱা NEET PG কাউন্সিলিঙৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰা কিবা এটা ভাল খবৰৰ আশা কৰি ডাক্তৰসকল ৰৈ আছিল । কিন্তু এতিয়া দেখা গৈছে যে ডাক্তৰসকলৰ শাৰীৰিক তথা মানসিক কষ্টক কোনো সকাহ নিদিয়াকৈ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ তাৰিখ দিছে ২০২২ চনৰ ৬ জানুৱাৰী । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়ালৈ লিখা পত্ৰত এছ'চিয়েছনে জনায় যে যদি কোনো ধৰণৰ যোগাত্মক সঁহাৰি নাহে, তেন্তে এই ধৰ্ণা অব্যাহত থাকিব ।

6 views0 comments