চীনৰ বাবে এপালি নতুন দৰব ভাৰতৰ : লাডাখ-অৰুণাচল সীমান্তত শীঘ্ৰে এছ-৪০০




সম্প্ৰসাৰণবাদী চীনৰ আৱশ্যকীয় চিকিৎসাৰ বাবে এছ-৪০০ ক্ষেপণাস্ত্র প্ৰতিৰোধী ব্যৱস্থাৰ নামত এপালি দৰবৰ দিহা কৰিব ভাৰতে। ইয়াক অৰুণাচল আৰু লাডাখ সীমান্তত স্থাপন কৰা হ'ব। অহা বছৰটোৰ আৰম্ভণিত্ এছ-৪০০ক সীমা সুৰক্ষাত নিয়োজিত কৰা হ'ব। ভাৰতীয় সেনাৰ এয়াৰ ডিফেঞ্চ ৰেজিমেণ্টৰ নিয়ন্ত্ৰণত থাকিব এছ-৪০০। ইয়াৰ জৰিয়তে ক্ষেপণাস্ত্রৰ লগতে শত্ৰুপক্ষৰ যুদ্ধবিমান, ড্ৰোন সকলো ধ্বংস কৰিব পৰা যায়।

উল্লেখ্য যে ২০১৯ চনত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ভাৰতক কৈছিল যে ৰাছিয়াৰ সৈতে স্বাক্ষৰিত এছ-৪০০ ক্ৰয়ৰ চুক্তি বাতিল কৰিলে আমেৰিকাই টার্মিনেল হাই অলটিটিউড এৰিয়া ডিফেন্স (থাড) আৰু পেট্রিয়ট-৩ ক্ষেপণাস্ত্র প্রতিৰোধ ব্যৱস্থা দিব। কিন্তু প্রযুক্তিগত উৎকর্ষৰ তুলনামূলক বিচাৰ কৰি এছ-৪০০ ক্ৰয়ৰ সিদ্ধান্তত অটল থাকে নতুন দিল্লী।

11 views0 comments