অসমে খুলিলে নতুন নতুন দুৱাৰ : ৪/৫ দিন নহয়, দুঘণ্টাতে চিনাক্ত হ'ব অ'মাইক্ৰন




মাত্ৰ দুঘণ্টাতে চিনাক্ত কৰিব পৰা যাব ক'ভিডৰ নতুন অৱতাৰ অ'মাইক্ৰনক। অসমে ইয়াক সম্ভৱ কৰি তুলিছে। কিয়নো অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালস্থিত ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছাৰ্চ চেন্টাৰ চমুকৈ আইচিএমআৰৰ বিজ্ঞানীয়ে এটা বিশেষ সফলতা অৰ্জন কৰিছে। লাহোৱাল আইচিএমআৰৰ বৈজ্ঞানিকৰ দলে অ'মাইক্ৰনক তাৎক্ষণিকভাৱে চিনাক্ত কৰিব পৰা এটা বিশেষ কিট প্ৰস্তুত কৰি উলিয়াইছে। সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম প্ৰস্তুত এই কিটৰ জৰিয়তে মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অতি মাৰাত্মক অ'মাইক্ৰন ভাইৰাছ। কেইটামান দিনৰ পাছতেই বজাৰত সহজতে উপলব্ধ হ'ব এই কিট। এই কথা জনাইছে লাহোৱাল আইচিএমআৰৰ জ্যেষ্ঠ বৈজ্ঞানিক ড° বিশ্বজিত বৰকাকতিয়ে। যোৱা ২৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত ভাইৰাছটোৰ নতুন ৰূপটো প্ৰথম ধৰা পৰোতে তেতিয়াই আমি সচকিত হৈ অমাইক্ৰনৰ ছিনথেটিক জিন তৈয়াৰ কৰি এটা বিশেষ কিটৰ সহায়ত ছিকুৱেঞ্চিঙৰ কাম আৰম্ভ কৰো আৰু ইয়াৰ ফলাফল যথেষ্ট আশাব্যঞ্জক আছিল।'--ড° বিশ্বজিৎ বৰকাকতিয়ে উল্লেখ কৰে।বৰ্তমানে অ'মাইক্ৰন ভাইৰাছ চিনাক্ত কৰিবলৈ প্ৰয়োজন হয় ৪ দিনৰ পৰা ৫ দিন। ইয়াৰ বিপৰীতে লাহোৱালৰ আইচিএমআৰৰ বৈজ্ঞানিকে উদ্ভাৱন কৰা এই কিট ব্যৱহাৰ কৰি মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অমাইক্ৰন ভাইৰাছ। কোনো প্ৰতিযোগিতা মনোভাৱেৰে বা লাভালাভৰ কথা চিন্তা নকৰি কেৱল জনস্বাস্থ্য আৰু জনসেৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কিট অতিশীঘেই সুলভ হ'ব বুলি বিজ্ঞানী ড° বৰকাকতিয়ে উল্লেখ কৰে। ফলত মানুহৰ দেহত সময় থাকোতেই ৰোধ কৰিব পৰা যাব এই মাৰাত্মক ভাইৰাছক।উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ যোৱা ২৫ নৱেম্বৰত কভিডৰ অতি শক্তিশালী ৰূপ অ'মাইক্ৰন ধৰা পৰাৰ লগে লগে ডিব্ৰুগড়ৰ আই চি এম আৰে ইয়াৰ ওপৰত পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে। যিহেতু ভাৰতত সেই সময়ত এই ভাইৰাছত কোনো আক্ৰান্ত নাছিল সেইবাবে কৃত্ৰিমভাৱে পৰীক্ষাগাৰত অমাইক্ৰন তৈয়াৰ কৰি পৰীক্ষা কৰা হৈছিল। লাহোৱাল আইচিএমআৰৰ এই সাফল্যই বিশ্ববাসীৰ মনলৈ নতুন আশা কঢ়িয়াই আনিব। উল্লেখ্য যে সমগ্ৰ বিশ্বতে এতিয়া অ'মাইক্ৰনৰ আতংক।অতি কম সময়ৰ ভিতৰতে কৰোনাৰ নতুন ৰূপটো ইখনৰ পাছত সিখন দেশলৈ বিয়পিছে। ক'ভিডৰ আনবোৰ ভেৰিয়েন্টতকৈ বহু বেছি দ্ৰুতগতিত বিয়পিব পাৰে কভিডৰ এই নতুন প্ৰকাৰটো। অমাইক্ৰন ভাইৰাছত আক্ৰান্ত এজন ৰোগীৰ পৰা মাত্ৰ ১৪ দিনৰ ভিতৰতে ৮০ পৰা ১০০জনলৈ বিয়পিব পাৰে মাৰাত্মক ভাইৰাছটো।

12 views0 comments