নতুন ভাৰতৰ নতুন চিন্তা : ভাৰ্চুৱেলী সম্পন্ন হ’ব পাৰে পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ






কৰোনাৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে বলৱৎ বিভিন্ন বিধি-নিষেধ তথা লকডাউনে সামাজিক জীৱনলৈ বহুক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। প্ৰযুক্তিবিদ্যা বিজ্ঞানৰ চমকপ্ৰদ বিকাশৰ হাতত ধৰি মানুহে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকিয়েই বিভিন্ন কাম-কাজ সম্পন্ন কৰিবলৈ সক্ষম হৈছে। ঘৰত বহিয়েই শিক্ষাগ্ৰহণ সম্ভৱ হৈছে। সভা-সমিতিও অনলাইনযোগে সম্ভৱ হোৱাত মানুহৰ কায়িক উপস্থিতিৰ প্ৰয়োজনীতা কমি আহিছে। এইবাৰ নিৰ্বাচনী সভাও ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলিছে। লক্ষণীয়ভাৱে ভাৰততে আৰম্ভ হৈছে ভাৰ্চুৱেল নিৰ্বাচনী সভাৰ চিন্তা-চৰ্চা। দেশখনত যদি কৰোনাৰ তৃতীয় লহৰ আৰু অমাইক্ৰনৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰে উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনতে ভাৰ্চুৱেল নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব পাৰে।

পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনত ভাৰ্চুৱেলী নিৰ্বাচনী সভা অনুষ্ঠিতকৰণৰ সপক্ষে মত প্ৰকাশ কৰিছে দেশখনত স্বাস্থ্য বিশেষজ্ঞ একাংশই। বৃহস্পতিবাৰে নির্বাচন আয়োগৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ, নিটি আয়োগ (স্বাস্থ্য)ৰ সদস্য ডাঃ বিনোদ পল, আইচিএমআৰৰ ডিজি ডাঃ বলৰাম ভার্গৱ, এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ বৈঠকত প্ৰস্তাৱটো দিয়া হয়। বৈঠকত পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ প্রচাৰ ভাৰ্চুৱেলী কৰিবলৈ কেন্দ্রীয় স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰস্তাৱটো দিয়ে।

বিগত মাহতো এনে ধৰণৰ এখন বৈঠকত কৰোনাৰ তৃতীয় লহৰ সন্দৰ্ভত সতর্কতা জাৰি কৰা হৈছিল। বৈঠকত কোৱা হৈছিল যে নির্বাচনী প্রক্রিয়াক লৈ স্বাস্থ্য মন্ত্রালয়ৰ ক’বলৈ একো নাই। ইয়াৰ বিপৰীতে মন্ত্ৰালয়ে নিৰ্বাচনী প্ৰক্ৰিয়াটো কঠোৰ কৰোনাবিধিৰ আধাৰত সম্পন্ন কৰিবলৈ তেওঁলোকে নিৰ্বাচন আয়োগক পৰামৰ্শ দিছিল। মন্ত্ৰালয়ৰ সেই পৰামৰ্শক কোনো দলে কৰ্ণপাত নকৰিলে। অৱশ্যে এতিয়াও যদিও নির্বাচনী আচৰণবিধি বলৱৎ হোৱা নাই। কিন্তু এখনৰ পিছত এখনকৈ বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত হৈ আছে। সভাসমূহ জনসমুদ্ৰত পৰিণত হৈছে। সভাসমূহত মাস্ক নিপিন্ধাকৈ অণন লোকে ভাগ লৈছে। আনকি, বাঘা নেতাও মাস্ক নিপিন্ধাকৈ সভাত ভাগ তেনে এখন সভাত ভাগ লৈ কৰোনাত াক্ৰান্ত হয় দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পার্টীৰ সর্বভাৰতীয় সচেতক অৰবিন্দ কেজৰিৱাল।

ইফালে, সময়ৰ লগে লগে দেশখনত কৰোনা সংক্রমণ বাঢ়িবলৈ ধৰিছে। সমান্তৰালকৈ কৰোনাৰ নতুন দৈত্য অমাইক্ৰনৰো সংক্ৰমণো বৃদ্ধি পাইছে। ইফালে, ফেব্রুৱাৰীৰ পৰা উত্তৰপ্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ কথা। বিগত সপ্তাহত সর্বদলীয় বৈঠকৰ পিছত মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রই জনাইছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে প্ৰতিটো দলে। সেয়ে যথাসময়তে নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু বিশেষজ্ঞ মহলে সেই সময়ছোৱাতে কৰোনাৰ তৃতীয় লহৰ তুংগত উঠিব বুলি আশংকা ব্যক্ত কৰিছে। এই প্ৰাক্ষাপটত নির্বাচনী সভাসমূহ ছুপাৰ স্প্রেডাৰৰ কাম কৰিব পাৰে বুলি সংশয়ত ভুগিছে বিশেষজ্ঞসকল। ইয়াৰে পৰিপ্ৰেক্ষিতত কালি আয়োগৰ সৈতে স্বাস্থ্য বিভাগৰ গুৰুত্বপূর্ণ বৈঠকখন অনুষ্ঠিত হয়।

জানিব পৰা মতে, নির্বাচন আয়োগত স্বাস্থ্য বিশেষজ্ঞসকলে কোনো কাৰণতে কোনো দলক জনসমাৱেশ বা সভা অনুষ্ঠিত কৰাৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ বিপৰীতে অধিক হাৰত ভাৰ্চুৱেল সভা অনুষ্ঠিতকৰণত উৎসাহিত কৰিবলৈ আয়োগক পৰামৰ্শ দিয়ে। তদুপৰি, ৰাজ্য প্রশাসনসমূহক টিকাকৰণৰ গতি বৃদ্ধিত জোৰ দিবলৈ কোৱা হৈছে। নিটি আয়োগ (স্বাস্থ্য)ৰ সদস্য ডাঃ বিনোদ পালে আয়োগক কয় যে দেশেতএই মুহূর্তত সমাৱেশ বা জনসভাৰ পৰিৱেশ নাই। সেয়া অতি বিপজ্জনক হৈ পৰিব। অৱশ্যে বিষয়টোত ৰাজনৈতিক নেতৃত্বৰ সন্মতিৰ প্ৰয়োজন হ’ব। ৰাজৈনিতক দলসমূহ জনস্বাস্থ্যৰ সুৰক্ষাত প্ৰাধান্য দিলে উত্তৰপ্ৰদেসকে ধৰি পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনত দেশখনে নিৰ্বাচনী প্ৰচাৰাভিযানত নতুন দিশ এটা প্ৰত্যক্ষ কৰিব পাৰে।

6 views0 comments