নতুন যাত্ৰা : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বড়ো মাধ্যমৰ পাঠদানৰ শুভাৰম্ভ





মঙলবাৰ অৰ্থাৎ আজিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ল বড়ো মাধ্যমৰ পাঠদান। ইয়াকে লৈ বিশ্ববিদ্যালয়খনত ১৮টালৈ বিভাগৰ সংখ্যা বৃদ্ধি পালে। বিশ্ববিদ্যালয় চৌহদত নকৈ নিৰ্মাণ কৰা বড়ো মাধ্যমৰ ভৱনত বিভাগটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বড়ো বিভাগৰ অত্যাধুনিক ভৱনটি উদ্বোধন কৰে বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে।


ভৱনটোৰ ২০১৫ চনতে নিৰ্মাণকাৰ্য আৰম্ভ হয়। অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। আনহাতে, অনুষ্ঠানটো বড়ো সাহিত্য সভাৰ সভাপতি তৰেন চন্দ্ৰ বড়োৰ সভাপতিত্বত আয়োজিত হয় আৰু সভাত আদৰণী ভাষণ দিয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকাই।


অনুষ্ঠানত উপাচাৰ্য ড০ লীলাকান্ত নাথ, পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকা, উপায়ুক্ত বিশ্বজিত পেগু, অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ভীমকান্ত বৰুৱা, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বড়ো, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী আদি উপস্থিত থাকে।

5 views0 comments