যুদ্ধৰ টুকুৰা খবৰ : ইউক্ৰেইনৰ ২০২ স্কুল, ১৫০০ অট্টালিকা ধ্বংসস্তূপত পৰিণত




ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখনৰ ধ্বংসলীলাৰ পৰা ৰক্ষা পৰা নাই স্কুল, কলেজ, হাস্পতাল। ৰণক্ষেত্ৰত এনে অনুষ্ঠান-প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা নহয় যদিও ইউক্ৰেইনত ইয়াৰ বিপৰীত ছবিখন প্ৰতিফলিত হৈছে। অৱশ্যে নীতিগত দিশটোক আওকাণ কৰি প্ৰায় সকলো যুদ্ধত স্কুল-কলেজ, হাস্পতাল আদিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়।

ইউক্ৰেইনত এইপৰ্যন্ত ২০২খন স্কুল ধ্বংস হৈছে। ধূলিত মিহলি হৈ পৰিছে ৩৪খন হাস্পতাল। তদুপৰি, বোমাৰ আঘাতত ১৫০০ বৃহৎ বৃহৎ অট্টালিকা বিধ্ধস্ত হৈছে। ইয়াৰে ৯০০টা অট্টালিকা ইমানেই ধ্বংসপ্ৰাপ্ত হৈছে যে তালৈ বিজুলী, পানী একোৱেই যোগান ধৰিব পৰা অৱস্থা নোহোৱা হৈ পৰিছে। সকলো মিলি ইউৰোপৰ অখন অন্যতম মনোৰম দেশ ইউক্ৰেইন হৈ পৰিছে ভয়াৱহভাৱে বিধ্বস্ত দেশ।

ইফালে, ৰাছিয়াৰ সেনাই জানি-বুজি ছুইজাৰলেণ্ডৰ সাংবাদিকৰ গাড়ী এখনৰ ওপৰত বোমাবৰ্ষণ কৰা বুলি অভিযোগ উঠিছে। ছুইচ সাংবাদিকৰ, তেওঁ যেতিয়া দক্ষিণ ইউক্ৰেইনত আছিল, তাত হাজিৰ হোৱা ৰাছিয়ান সেনা। সাংবাদিৰগৰকাৰী গাড়ীত সংবাদমাধ্যমৰ ষ্টিকাৰ স্পষ্টকৈ লাগি থকা সত্ত্বেও ৰাছিয়ান সেনাই গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ৰাছিয়ান সেনাৰ আক্ৰমণৰ পৰা কোনোমতে সাংবাদিকজন ৰক্ষা পৰে।

3 views0 comments