নতুন এছ অ' পিয়ে গৰ্ভৱতী চৰকাৰী মহিলা কৰ্মচাৰীসকলৰ ছুটি নাকচ কৰিছে




অসম চৰকাৰৰ এ এছ ডি এম এৰ দ্বাৰা জাৰি হোৱা ASDMA. 28/2021/326 নং নম্বৰৰ শেহতীয়া এছ অ' পি খনত অধিকৃত ছুটিত থকাসকলৰ বাদে আন সকলো চুক্তিভিত্তিক আৰু নিৰ্দিষ্ট বেতনভোগী চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিছে । কোভিড মহামাৰীৰ বাবে প্ৰয়োগ কৰা নিষেধাজ্ঞাবোৰ ৰাজ্য চৰকাৰে শিথিল কৰাৰ পাছত এ এছ ডি এম এয়ে গৰ্ভৱতী মহিলা কৰ্মচাৰী তথা তিনি বছৰীয়া বা তাতকৈ সৰু শিশু সন্তান থকা মহিলাসকলৰ বাবে থকা ছুটিবোৰ উঠাই লৈছে । জাননীখনত উল্লেখ কৰা হৈছে যে ৰাজ্যত কোভিডৰ পৰিস্থিতি আকৌ নিৰীক্ষণ কৰা হৈছে আৰু পৰিস্থিতিৰ উন্নয়ন সন্তোষজনক হৈছে । কোভিড টীকাকৰণৰ ক্ষেত্ৰত জাননীখনত কোৱা হয় ৰাজ্যত টীকাকৰণৰ স্থিতিও আগতকৈ বহু উন্নত হৈছে । মুঠ যোগ্য জনতাৰ ভিতৰত ৯৫ শতাংশ লোকে প্ৰথম পালি টীকা লাভ কৰিছে । বহু জিলাত এই সংখ্যা ১০০ শতাংশ হবলৈ গৈ আছে । লগতে দ্বিতীয় পালিও সফলভাবে ইতিমধ্যে মুঠ যোগ্য জনতাৰ ভিতৰত ৩১ শতাংশ লোকে লাভ কৰিছে ।

17 views0 comments