জিপি সিঙৰ টুইটত নিউটনৰ তৃতীয় সূত্ৰ- প্ৰতিটো ক্ৰিয়াৰে আছে এক সমান আৰু প্ৰতিক্ৰিয়া




প্ৰতিটো ক্ৰিয়াৰে আছে এক সমান আৰু প্ৰতিক্ৰিয়া। নিউটনৰ তৃতীয় সূত্ৰটো হঠাতে চৰ্চা আৰু সংবাদ মাধ্যমৰ শীৰ্ষলৈ আহিছে। অসম আৰক্ষীৰ এডিজিপি জি পি সিঙৰ এটা চুইটে চৰ্চালৈ আনিছে নিউটনৰ তৃতীয় সুত্ৰটোক। শীৰ্ষ আৰক্ষী বিষযাগৰাকীয়ে টুইটটোত আন এটাও শব্দ লিখা নাই। মাথোঁ সূত্ৰটো উল্লেখ কৰিছে। কিন্তু বুজাই ঠিকেই বুজিছে টুইটটোৰ লক্ষ্য কি, অসমৰ প্ৰেক্ষাপটত ইয়াৰ তাৎপৰ্য কি।


টুইটটোৰ গভীৰতালৈ যোৱাৰ পূৰ্বে যাব লাগিব যোৰহাট চহৰৰ নিৰ্মল পথলৈ। তাত সোমবাৰে এদল নৰপিশাচৰ দলবদ্ধ আক্ৰমণত অনিমেষ ভূঞা নামৰ চফল ডেকাজনৰ কৰুণ মৃত্যু হৈছিল। আহত হয় দুজন যুৱক। নৰপিশাচৰ দলটোৰ চৰ্দাৰৰ ৰূপত আছিল কুখ্যাত অপৰাধী ক'লা ল'ৰা ওৰফে ক'লা গুণ্ডা ওৰফে নীৰজ দাস। কুখ্যাত অপৰাধীটোৰো পৰিণতি একেই হওক, সেই প্ৰাৰ্থনাটো অসমৰ লাখ লাখ লোকে নীৰৱে আৰু আকুলতাৰে নেদেখাজনৰ ওচৰত জনাইছিল।


মঙলবাৰে নিশা যোৰহাট আৰক্ষীৰ এখন বলেৰ'ৰ খুন্দাত নীৰজৰ মৃত্যু হয়। নীৰজে নিজৰ কৰ্মফল পালে। সেয়ে আৰক্ষী বিষয়াজনৰ অনুভৱ এটা টুইট হৈ জনসাধাৰণৰ মাজলৈ আহিল- প্ৰতিটো ক্ৰিয়াৰে আছে এক সমান আৰু প্ৰতিক্ৰিয়া।

6 views0 comments