এন এইচ আৰ চিৰ শুনানি : ২০ নৱেম্বৰৰ ভিতৰত অভিযোগ দাখিলৰ আহ্বান




ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে (এন এইচ আৰ চি)-য়ে অহা ডিচেম্বৰ মাহত এক সামূহিক জনশুনানিৰ আয়োজন কৰিব । পাঁচখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ আৰু চিকিমত জনতাৰ দ্বাৰা উত্থাপিত মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগসমূহৰ বিচাৰ এই জনশুনানিতে কৰা হব । ইম্ফলৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি আয়োগে অহা ১৫ আৰু ১৬ ডিচেম্বৰত মুঠতে দুদিন ধৰি এই শুনানি গ্ৰহণ কৰিব । এন এইচ আৰ চিৰ পঞ্জীয়কে অভিযোগ প্ৰদানকাৰীসকলক আজি অৰ্থাৎ ২০ নৱেম্বৰৰ ভিতৰত নিজৰ নিজৰ অভিযোগসমূহ আয়োগত দাখিল কৰিবলৈ আহ্বান জনাইছে । জনশুনানিৰ স্থান শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে দিল্লীস্থিত উকীল আৰিফ জ্বাদ্দাৰৰ অভিযোগ অনুসৰি এন এইচ আৰ চিয়ে অলপতে অসম পুলিচৰ ডিজিপিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত 'ব্যৱস্থা গ্ৰহণ প্ৰতিবেদন' বিচাৰিছিল । চলিত বৰ্ষৰ মে' মাহৰ পৰা ৰাজ্যত 'মিথ্যা এনকাউণ্টাৰ' হোৱাৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰা হৈছিল । লক্ষণীয়ভাৱে ইতিমধ্যে আৰক্ষীৰ দ্বাৰা ২৪ জন অভিযুক্ত লোকক গুলী কৰি হত্যা কৰা হৈছে আৰু প্ৰায় ৪০ জন লোক আহত হৈছে । পুলিচৰ মতে জিম্মাত বা অভিযানৰ সময়ত এই অভিযুক্ত লোকসকলে পলাবলৈ চেষ্টা কৰিছিল । এই সন্দৰ্ভতে উকীল জ্বাদ্দাৰে এন এইচ আৰ চিত অভিযোগ দিছিল যে যোৱা মে' মাহৰ পৰা এনকাউণ্টাৰৰ নামত পুলিচে বহু অভিযুক্ত লোকক হত্যা কৰিছে ।

6 views0 comments