নিঅ’কোভ : কৰোনাৰ নতুন প্ৰজাতিটোত আক্ৰান্ত প্ৰতি তিনিজনৰ এজনৰ হেনো মৃত্যু নিশ্চিত




কৰোনাৰ ভয়াৱহ দিনবোৰৰ পৰা বিশ্ববাসীয়ে কেতিয়া পৰিত্ৰাণ পাব? এই প্ৰশ্নটো তেতিয়াই আহত হ’ব খোজে যেতিয়াই পৃথিৱীৰ কোনো অংশৰ পৰা কৰোনাৰ এটা নতুন প্ৰজাতি বিকশিত হোৱাৰ খবৰ আহে। ২০২১ চনটোও এই প্ৰশ্নটোৰ উত্থান-পতনতে শেষ হয়। দিনবোৰ অলপ ভালৰ দিশে আহিবলৈ ধৰিলেই কোনো নহয় কোনো অংশৰ পৰা খবৰ আহে কৰোনাৰ আন এটা নতুন ভেৰিয়েণ্টৰ আবিৰ্ভাৱ ঘটিছে। অমাইক্ৰনৰ সংক্ৰমণে সেইদৰে ২০২২ চনৰ আৰম্ভণিটোক গ্ৰাস কৰিলে। নতুন প্ৰজাতিটোৰ হাতত ধৰি সমগ্ৰ বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ পুনৰ ভয়ানকভাৱে ঊৰ্ধ্বমুখী হয়। লাহে লাহে ইয়াৰো মাত্ৰা কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে। ভাৰতত প্ৰতিদিনে ১০-১৫ হাজাৰৰ সংখ্যাত কৰোনাৰ সংক্ৰমণ হ্ৰাস পাই আছে। অৱস্থাটো কিছু সকাহজনক। কিন্তু ইয়াৰ মাজতে চীনৰ উহাৰৰ পৰা৩ আহিছে এটা অতি ভয় লগা খবৰ। সেই অনুসৰি, বৰ্তমানলৈকে কৰোনাৰ যিমান প্ৰজাতি বিকশিত হৈছে, তাৰে সবাতকৈ মাৰাত্মক আৰু মানৱৰ বাবে বিপজ্জনক ভেৰিয়েণ্ট এটা ধৰা পৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে চীনৰ এই অঞ্চলটোৰ পৰাই বিশ্বজুৰি কৰোনা সিঁচৰতি হৈ পৰিছিল।


উহানৰ বিজ্ঞানীয়ে কৰোনাতকৈও মাৰাত্মক এটা নতুন প্ৰজাতি ধৰা পেলাইছে। উহানৰ বিজ্ঞানীয়ে দিয়া তথ্যমতে নিঅ’কোভ (NeoCov) নামৰ কৰোনাৰ নতুন প্ৰজাতিটো পোৱা গৈছে দক্ষিণ আফ্ৰিকাত। পৃথিৱীৰ নতুন সন্ত্ৰাস অমাইক্ৰনো দক্ষিণ আফ্ৰিকাতে বিকশিত হোৱা। ৰাছিয়াৰ নিউজ এজেন্সী স্পুটনিকত প্ৰকাশিত বাতৰি মতে, নিঅ’কোভত আক্ৰান্তৰ মৃত্যুৰ হাৰ অতি বেছি আৰু সংক্ৰমণৰ মাত্ৰাও অতি দ্ৰুত।


অৱশ্যে নিঅ’কোভ ভাইৰাছবিধ নতুন নহয় বুলিও বাতৰিটোত প্ৰকাশ পাইছে। MERS-CoV virusৰ সৈতে ২০১২-২০১৫ চনমানতে ইয়াক মধ্যপ্ৰাচ্যৰ দেশত পোৱা গৈছিল। এই নিঅ’কোভ ভাইৰাছ SARS-CoV-2 ভাইৰাছৰ সৈতে প্ৰায় একে। ই মানৱ দেহত কৰোনা ভাইৰাছৰ ৰূপত সংক্ৰমণ ঘটিব পাৰে।


উহান বিশ্ববিদ্যালয় আৰু চীনা বিজ্ঞান একাডেমীৰ জৈৱ পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান (Chinese Academy of Sciences’ Institute of Biophysics)ৰ গৱেষকসকলৰ মতে, ভাইৰাছটোৰ মানৱ কোষত অনুপ্ৰৱেশ কৰিবলৈ মাত্ৰ এটা মিউটেচন বা চৰিত্ৰ পৰিৱৰ্তনৰ প্ৰয়োজন। গৱেষণাৰ ফলাফলত কোৱা হৈছিল যে নিঅ’কোভে বিপদৰ শংকা সৃষ্টি কৰিছে কিয়নো ই কৰোনাভাইৰাছৰ বীজাণুতকৈ ACE2 ৰিচেপ্টৰৰ সৈতে বেলেগ ধৰণে বান্ধ খাই থাকে। ফলস্বৰূপে, শ্বাস-প্ৰশ্বাসৰ ৰোগ থকা বা টিকাকৰণ কৰা লোকসকলৰ দ্বাৰা উৎপন্ন হোৱা এণ্টিবডী বা প্ৰ'টিন অণু কোনোৱেই নিওকোভৰ পৰা সুৰক্ষা দিব নোৱাৰে।


চীনা গৱেষকসকলৰ মতে, নিঅ’কোভে MERS-CoVৰ উচ্চ মৃত্যুৰ হাৰ যিটোত প্ৰতি তিনিজন সংক্ৰমিত ব্যক্তিৰ ভিতৰত এজনৰ মৃত্যু হয় আৰু বৰ্তমানৰ SARS-CoV-2 কৰোনাভাইৰাছৰ উচ্চ সংক্ৰমণ হাৰৰ সম্ভাৱ্য সংমিশ্ৰণ বহন কৰে। যাৰ বাবে ই অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা আছে। বিজ্ঞানীসকলে ইয়াক লৈ আৰু অধিক গৱেষণা অব্যাহত ৰাখিছে।

8 views0 comments