এ ডি আৰ ৰ শেহতীয়া প্ৰতিবেদন ত প্ৰকাশ উৎসবিহীন ধনৰ পৰিমান





যিটো সময়ত কোনেও এটা টকা এনেই দিবলৈ কুন্ঠাবোধ কৰে ,সেই সময়ত দাক্ষিনাত্য ৰ ৰাজনৈতিক দল বোৰলৈ আহিছে উৎসবিহীন টকাৰ উপহাৰ । নাই কোনো হিচাপ , নাই কোনো সঠিক উৎস!

এছচিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ নামৰ এনজিঅ'টোৰ প্ৰতিবেদনমতে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিটা বৃহৎ আঞ্চলিক দল টি আৰ এছ, টি ডি পি আৰু ওৱাই এছ আৰ কংগ্ৰেছে ২০১৯-২০ চনত তেওঁলোকৰ মূল ধনৰাশিৰ অধিকসংখ্যক লাভ কৰিছে কোনো অচিনাক্ত উৎসৰ পৰা । নিৰ্বাচন আয়োগত দাখিল হোৱা দলবোৰৰ আয়কৰ আৰু দান-বৰঙণি তথ্যবোৰৰ বিশ্লেষণ কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে । নিৰ্বাচনী আৰু ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা এনজিঅ'টোৱে কয় যে অচিনাক্ত উৎসৰ পৰা লাভ কৰা আঞ্চলিক দলকেইটাৰ মুঠ ধনৰাশিৰ পৰিমাণ হৈছে ৪৪৬ কোটি টকা যিটো দলকেইটাৰ সৰ্বমুঠ উপাৰ্জনৰ ৫৫ শতাংশ । উল্লেখযোগ্য যে বিত্তীয় বৰ্ষটোত ২৫ টা আঞ্চলিক দলৰ মুঠ উপাৰ্জন আছিল ৮০৩ কোটি টকা । এনজিঅ'টোৱে কয় যে অচিনাক্ত উৎসৰ পৰা লাভ কৰা ধনৰ পৰিমাণৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা পাঁচটা দল হৈছে টি আৰ এছ (৮৯ কোটি), টি ডি পি (৮১.৬ কোটি), ওৱাই এছ আৰ চি (৭৪.৭ কোটি), বিজু জনতা দল (৫০.৫ কোটি) আৰু ডি এম কে (৪৫.৫ কোটি) । দৰাচলতে ২০০০০-তকৈ কম সাহায্য আগবঢ়োৱা ব্যক্তি অথবা সংস্থাৰ নাম ৰাজহুৱা কৰাৰ কোনো বাধ্যবাধকতা নথকা হেতুকে অজ্ঞাত হৈ থাকিল এই উৎসবোৰৰ নাম ।

1 view0 comments