ৰাষ্ট্ৰীয় পথ চাইক্লিং চেম্পিয়নশ্বিপত জিলিকি উঠিছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চাইক্লিষ্ট




ভাৰতীয় ৰেলুৱৈলৈ অভিনন্দন । ২০২১ চনৰ ২৫ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আয়োজিত হোৱা ২৬-তম জ্যেষ্ঠ ৰাষ্ট্ৰীয় পথ চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতীয় ৰেলৱে চাইক্লিং (পুৰুষ আৰু মহিলা) দলে অংশগ্ৰহণ কৰিছিল । এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত মহিলা বিভাগত ভাৰতীয় ৰেলুৱৈ চেম্পিয়ন হৈছে আৰু পুৰুষৰ বিভাগত ৰানাৰ্ছ-আপ হবলৈ সক্ষম হৈছে । উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনিগৰাকীকৈ মহিলা চাইক্লিষ্টে মহিলা বিভাগৰ বিভিন্ন অনুষ্ঠানবোৰত জিলিকি উঠিছে আৰু চাৰিটাকৈ সোণৰ পদক আৰু এটা ৰূপৰ পদক জিকি ভাৰতীয় ৰেলুৱৈৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে । উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহিলা চাইক্লিষ্ট সোণালী চানুৱে টীম টাইম ট্ৰায়েল, ইণ্ডিভিজুৱেল মাচ ষ্টাৰ্ট আৰু ইণ্ডিভিজুৱেল ক্ৰাইটেৰিয়াম ৰেছ ইভেণ্টছত তিনিটাকৈ সোণৰ পদক জিকি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ মহিলা চাইক্লিষ্টৰ খিতাপ অর্জন কৰিছে । ইয়াৰোপৰি ক্ৰাইটেৰিয়াম ৰেছত মনোৰমা দেৱীয়ে ৰূপৰ পদক আৰু টীম ট্ৰায়েল ইভেণ্টত মাতুলেবি দেৱীয়ে সোণৰ পদক লাভ কৰিছে ।

5 views0 comments