বিখ্যাত ভাৰতীয় ৰোডছ জলপানিৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ




উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যৰ পৰা ২০২২ বৰ্ষৰ বিখ্যাত ভাৰতীয় ৰোডছ জলপানি লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে আকুমজোং পংগেন নামৰ ছাত্ৰগৰাকী নিৰ্বাচিত হৈছে । ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ যোগেদি হোৱা এই শৈক্ষিক বাস্তৱায়নৰ বাবে পংগেনকে ধৰি ভাৰতৰ পৰা মুঠ ৫ জন শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হৈছে । ষ্টিফেনছ নৰ্থ ইষ্ট চোছাইটিয়ে এই গৌৰৱময় সাফল্যৰ বাবে পংগেনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় সংস্কৃতিক উৎসাহ দিয়াটো হৈছে ষ্টিফেনছ নৰ্থ ইষ্ট চোছাইটিৰ লক্ষ্য । চোছাইটিয়ে কয় আকুমজোং পংগেন ষ্টিফেনছ নৰ্থ ইষ্ট চোছাইটিৰ এক মহত্বপূৰ্ণ অংশ হোৱাৰ উপৰিও এজন মূল্যবান বন্ধু আৰু এজন বিস্ময়কৰ লোক । এক প্ৰেছ ৰিলিজত ৰোডছ জলপানিয়ে জনোৱামতে পংগেনৰ শৈক্ষিক ৰুচি আছে মুখ্যতঃ দৰ্শনশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰ বিষয়ত । সম্প্ৰতি তেওঁ নতুন দিল্লীস্থিত চেইণ্ট ষ্টিফেন মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অন্তিম বৰ্ষৰ ছাত্ৰ আৰু নাগালেণ্ডৰ কোহিমাৰ পৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় ৰোডছ স্কলাৰ হিচাপে পৰিগণিত হৈছে । পঢ়াশুনাৰ উপৰিও দৰ্শনশাস্ত্ৰক নিজৰ মাতৃভাষালৈ অনুবাদ কৰি বিষয়টোক দেশৰ মানুহৰ ওচৰ চপাই নিবলৈও পংগেনৰ খুব ইচ্ছা আছে । পিয়ানো আৰু ক্লাছিকেল গীটাৰ বজাই ভাল পোৱা পংগেন আবেগ আৰু পেছাৰ ফালৰ পৰা এগৰাকী গায়ক । পংগেনৰ এই জলপানি লাভৰ খবৰটোৱে কেৱল নাগালেণ্ডলৈয়ে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈকে গৌৰৱ কঢ়িয়াই আনিছে । পংগেনৰ বাহিৰে এই জলপানি লাভ কৰা আন চাৰিগৰাকী ভাৰতীয় শিক্ষাৰ্থী হৈছে হাইদৰাবাদৰ ডঃ ঐশ্বৰ্য ভেদুলা, মহাৰাষ্ট্ৰৰ ডঃ ভৰোড পুনতামবেকৰ, পশ্চিমবংগৰ এড্ৰিজা ঘোষ আৰু দিল্লীৰ ৰীতিকা মুখাৰ্জী ।

5 views0 comments