১১ নৱেম্বৰ, ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আজাদ




স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকীৰ বাবে প্ৰতিবছৰে ১১ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় । ভাৰতত বহু উত্তম শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত এজন সন্মানীয় বিদ্বান, কবি, সাংবাদিক তথা স্বাধীনতা সংগ্ৰামৰ এজন সংগ্ৰামী মৌলানা আজাদে মহত্বপূৰ্ণ ভূমিকা লৈছিল । ১৮৮৮ চনত চৌদি আৰৱৰ মক্কাত জন্মলাভ কৰা আবুল কালাম ঘুলাম মুহিয়ুদ্দিন 'মৌলানা আবুল কালাম আজাদ' নামেৰে বিখ্যাত । শিক্ষামন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ সময়ত মৌলানা আজাদে পূৱৰ শিক্ষা আৰু সাহিত্যত হোৱা গৱেষণাবোৰক উদগনি দিছিল আৰু ফাইন আৰ্টছক বিকশিত কৰাৰ বাবে তেওঁ তিনিখন অকাডেমি স্থাপন কৰিছিল । তেওঁ হিন্দী ভাষাৰ টেকনিকী শব্দবোৰৰ সংকলনৰ কামৰ বাবেও এক বৃহৎ প্ৰচেষ্টা হাতত লৈছিল । ব্ৰিটিছ নীতিবোৰক সমালোচনা কৰাৰ বাবে তেওঁ ১৯১২ চনত আল-হিলাল নামেৰে উৰ্দু ভাষাত এখন সাপ্তাহিক আলোচনী আৰম্ভ কৰিছিল । আল-হিলালক নিষেধ কৰাৰ পিছত আল-বাগাহ নামেৰে তেওঁ অন্য এখন আলোচনী আৰম্ভ কৰিছিল । দেশত আধুনিক শিক্ষা ব্যৱস্থাক আকাৰ দিয়াৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । তেওঁৰ কাৰ্যকালত দেশৰ প্ৰথমখন আই আই টি, আই আই এছ চি, স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেক্সাৰ আৰু দ্যা ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিচনৰ স্থাপনা কৰা হৈছিল । ইয়াৰ উপৰিও সংগীত নাটক অকাডেমি, ললিত কলা অকাডেমি, সাহিত্য অকাডেমি তথা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছৰ দৰে দেশৰ প্ৰসিদ্ধ সাংস্কৃতিক-সাহিত্যিক অকাডেমিবোৰো তেওঁৰ দিনতে নিৰ্মাণ কৰা হৈছিল । তেওঁৰ মহিলাৰ শিক্ষা আৰু ১৪ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু অনিবাৰ্য প্ৰাথমিক শিক্ষাৰ দৃঢ়তাৰে ওকালতি কৰিছিল ।

4 views0 comments