২৬ নৱেম্বৰ, ভাৰতীয় সংবিধান দিৱস




১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাই ভাৰতৰ সংবিধানক গ্ৰহণ কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে এই সংবিধান কাৰ্যকৰী হৈছিল । তেতিয়াৰ পৰাই ২৬ জানুৱাৰী তাৰিখতো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় যদিও যোৱা ২০১৫ চনৰ পৰাহে ২৬ নৱেম্বৰৰ দিনটোক সংবিধান দিৱস বুলি পালনৰ আৰম্ভণি হয় । ২০১৫ চনৰ মে' মাহত ইউনিয়ন কেবিনেটে নাগৰিকৰ মাজত সাংবিধানিক মূল্যবোধক প্ৰতিষ্ঠা কৰিবলৈ ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰিবলৈ মনস্থ কৰিছিল । সেই বছৰটো সংবিধানৰ ড্ৰাফটিং সমিতিৰ অধ্যক্ষ বি আৰ আম্বেদকাৰৰ ১২৫-তম জন্ম বাৰ্ষিকী আছিল । সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে আম্বেদকাৰৰ আদৰ্শ আৰু দর্শনক আগুৱাই নিয়াৰ বাবে বহুতো কাৰ্য হাতত লৈছিল । ২০১৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে অৱশেষত চৰকাৰে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল । ইয়াৰ আগতে এই দিনটোক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে গ্ৰহণ কৰা হৈছিল ।আম্বেদকাৰ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ।

6 views0 comments