ভাৰতত ডেৰ বছৰৰ সৰ্বনিম্ন স্তৰলৈ নামিল কৰোনা সংক্ৰমণৰ সংখ্যা




২০২০ চনৰ ৩০ মে'ৰ পাছত ভাৰতত সোমবাৰে সৰ্বনিম্ন স্তৰলৈ অৱনমিত হৈ কৰোনাৰ সংক্ৰমণ। সোমবাৰে দেশখনত

৭ হাজাৰ ৫৭৯জন লোক ক'ভিড পজিটিভ ৰূপে চিহ্নিত হয়। সংখ্যাটো ২০২০ চনৰ ৩০ মে'ৰ পাছত ভাৰতত প্ৰতিদিনৰ কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত সৰ্বনিম্ন। অৱশ্যে মূল কাৰণ কেৰালা। দক্ষিণৰ ৰাজ্যখনত কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহাত দেশৰ সামগ্ৰিক পৰিস্থিতি এইদৰে উন্নত হয়।



দৈনিক সংক্ৰমণৰ লগতে ভাৰতত ভাইৰাছটোত আক্ৰান্ত হৈ প্ৰতিদিনে মৃত্যু হোৱা লোকৰ সংখ্যাও হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশখনত মৃত্যু হৈছে ২৩৬জন। ইয়াৰে ১৮০জনেই কেৰালাৰ। ইফালে, দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও দ্ৰুতগতিত হ্ৰাস পাইছে। দেশত এখন সক্রিয় ৰোগীৰ সংখ্যা হ্ৰাস পাই হৈছে ১ লাখ ১৩ হাজাৰ ৫৮৪জন।



ইফালে, কেৰালাত বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৩,৬৯৮জনলৈ হ্ৰাস পাইছে। আন ৰাজ্যত আক্ৰান্তৰ সংখ্যা হাজাৰৰ তললৈ নামিছে। মহাৰাষ্ট্র, তামিলনাড়ু, পশ্চিমংগত ৫০০ৰ অধিক। আন ৰাজ্যত ৫০০ৰ কম।

4 views0 comments