প্ৰেমৰ সম্পৰ্ক ৰক্ষাত আপত্তি : প্ৰেমিকৰ মুখলৈ এচিড নিক্ষেপ দুটা সন্তানৰ মাতৃৰ




ভাল পাইছিল প্ৰাণতকৈও অধিক। কিন্তু প্রেমৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ আপত্তি কৰিলে। মুখলৈ এচিড নিক্ষেপ কৰি প্রতিশোধ ল'লে। শিহৰণকাৰী ঘটনাটো কেৰালাৰ ইদুক্কিৰ। ঘটনাটো আপুনি ধাৰণা কৰাতকৈ কিছু ব্যতিক্ৰম। এচিড আক্ৰমণত গুৰুতৰভাৱে আহত লোকজন যুৱক আৰু তেওঁক আঘাত কৰাজন দুটা সন্তানৰ মাতৃ।



ইদু্ক্কিৰ বাসিন্দা শিৱা দুটা সন্তানৰ মাতৃ। বয়স ৩৫ বছৰ। তেওঁ ভলপোৱাজন অৰ্থাৎ অৰুণ কুমাৰৰ বয়স ২৮ বছৰ। আৰক্ষীৰ মতে, যোৱা মঙলবাৰে শিৱাই অৰুণক এচিডেৰে আক্ৰমণ কৰে। এচিডৰ আক্ৰমণত গুৰুতৰভাৱে আহত অৰুণ এতিয়া তিৰুঅনন্তপুৰম মেডিকেল কলেজ এণ্ড হাস্পতালত চিকিৎসাধীন। চিকিৎসকে জনোৱা মতে, অৰুণৰ দৃষ্টিশক্তি নষ্ট হ'ব পাৰে।


শিৱা আৰু অৰুণৰ চিনাকি, বাৰ্তালাপ ফেচবুকৰ জৰিয়তে আৰম্ভ হয়। ফেচবুকতেই প্ৰেমৰ গজালি। কিন্তু শিৱা যে বিবাহিতা আৰু দুটা সন্তানৰ মাতৃং অৰুণে নাজানিছিল। শিৱাই সম্ভৱতঃ কথাটো গোপনে ৰাখিছিল। কিন্তু কিমান দিন? এদিন পোহৰলৈ আহে। অৰুণে তাৰ পিছত সম্পৰ্ক চ্ছেদ কৰিব বিচাৰে। শিৱাই দিয়া বিবাহৰ প্ৰস্তাৱো ঘূৰাই দিয়ে।


শিৱাই প্ৰথমে ধমকি দিবলৈ ধৰে। পিছলৈ সম্পৰ্ক ভঙাৰ মাচুল হিচাপে ধন দাবী কৰে। অৰুণে যোৱা মঙলবাৰে দাবী কৰা টকা দিবলৈ গৈছিল। আদিমালিৰ এটা গিৰ্জাত দুয়োৰে দেখা হয়। তাতেই অৰুণক এচিডেৰে আক্ৰমণ কৰে। গিৰ্জা চৌহদত এজন বন্ধু আৰু জোঁৱাইৰ সৈতে অৰুণে শিৱালৈ অপেক্ষা কৰি আছিল। হঠাতে সেই স্থানত উপস্থিত হোৱা শিৱাই অৰুণৰ মুখলৈ লক্ষ্য কৰি এচিড নিক্ষেপ কৰে। দেওবাৰে আৰক্ষীয়ে শিৱাক গ্ৰেপ্তাৰ কৰে।

13 views0 comments