বিষয়াৰ মাতাল পুত্ৰই নিশা গাড়ীৰে মহটিয়ালে এজনক, মুখৰ মাত হেৰাল আৰক্ষীৰ




সাধাৰণ নাগৰিক আৰু ক্ষমতাশালী নাগৰিকৰ মাজত পাৰ্থক্য তেতিয়া বুজিব পাৰি যেতিয়া কোনো লোক এজন আৰক্ষীৰ পাল্লাত পৰে। লোকজন সাধাৰণ হ'লে আইনে নিজৰ ৰাস্তা লয়। প্ৰভাৱশালী ব্যক্তি বাবে তেনে ব্যক্তিৰ আত্মীয় হ'লে আইনক অন্য দিশেৰে ঘূৰাই পঠিওৱা হয়। সেইবাবেই শুকুৰবাৰে নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপত এখন বাইক মহটিয়াই নিয়া শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰ এজন নিশাটো লকাপত নাথাকি ঘৰৰ বিলাসী বিছনাত কটাব পাৰিলে। গাড়ীত উদ্ধাৰ হোৱা পিষ্টল এটাক পুতলা পিষ্টল বুলি কোৱা হ'ল। গাড়ীৰে মহটিয়াই এজন লোকক আহত কৰাৰ পিছতো তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা নহ'ল। দুৰ্ঘটনা ঘটিল, সান্ধ্য আইনৰ সময়ত গাড়ী চলালে, আৰক্ষীৰ ষ্টিকাৰ লগোৱা গাড়ী চলাই ৰাজপথত উদ্ভণ্ডালি কৰিলে, গোচৰ এটা ৰুজু হ'লনে তাকো ক'বলৈ সাহসেই গোটাব পৰা নাই আৰক্ষীয়ে।


উল্লেখ্য যে গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো। ‘POLICE’ লিখা এখন ‘CREATA’ বাহনে অভাৰটেক কৰাৰ ফলত এখন দুচকীয়া বাহনক মহটিয়াই লৈ যায়। ঘটনাত গুৰুতৰভাৱে আহত হয় দুচকীয়া বাহনৰ চালকজন।


তাৰ পাছতেই প্ৰত্যক্ষদৰ্শীয়ে প্ৰহাৰ কৰে চাৰিচকীয়া বাহনখনৰ চালকসহ এজনক। কিছুসময়ৰ পাছত ঘটনাস্থলীত দিছপুৰ যান-বাহন আৰক্ষী উপস্থিত হয় আৰু চালকসহ বাহনখন থানালৈ লৈ যায়। জানিব পৰা মতে, বাহনখনৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। চাৰিচকীয়া বাহনখনৰ চালকজন এজন শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰ বুলি জানিব পৰা গৈছে। এই বিষয়ে বৰ্তমানলৈ আৰক্ষীৰ লোকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই সাংবাদিকৰ সন্মুখত।

20 views0 comments