ক্ৰীড়া জগতত আকৌ জিলিকিল অসমৰ দুই গৌৰৱ







ভাৰতৰ খেল জগতত আকৌ দুগৰাকী অসম সন্তানে আন এক সফলতাৰে ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে , কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছ প্ৰতিযোগিতাত অসম সন্তান অম্লান বৰগোহায়ে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি সোণৰ পদক জয় কৰে৷ পুৰুষৰ ২০০ মিঃ দৌৰত অম্লানে ২০.৫২ ছেকেণ্ড সময় লৈ ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে৷ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰি অসমৰ এইগৰাকী খেলুৱৈয়ে অৰ্জন কৰিছে স্বৰ্ণ পদক। প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে অহা জুলাইত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বপলৈও যোগ্যতা অৰ্জন কৰিছে ।


ইয়াৰ সমান্তৰালকৈ অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

6 views0 comments