এদিনতে তিনিটা শিশুক ধৰ্ষণকাৰী ৰজনীৰ গুলীৰে দুয়ো ভৰি অচল কৰিলে আৰক্ষীয়ে




তিনিটা শিশুক ধৰ্ষণ কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাই ভৰিত গুলী খালে এটা লম্পটে। ঘটনাটো মৰিগাঁও জিলাৰ লাহৰীঘাটৰ। ৰজনী দৈমাৰী নামৰ লম্পটটোক আৰক্ষীয়ে দুয়োভৰিত গুলীয়াই পলায়নৰ অপচেষ্টা ব্যৰ্থ কৰে। লম্পটটোৱে আৰক্ষী জিম্মাৰ পৰা মাজনিশা পলাবলৈ চেষ্টা চলাইছিল লাহৰীঘাটৰ জেঙৰবড়িত ধৰ্ষণকাৰী ৰজনীকান্ত দৈমাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰে। দৈমাৰীৰ ভৰিত দুটা গুলী লাগে। তেওঁ বৰ্তমান GMCHত চিকিৎসাধীন।


উল্লেখ্য যে তিনিদিন পুৰ্বে ৰজনীকান্ত দৈমাৰীয়ে তিনিগৰাকী শিশুক ফুচুলাই নি ধৰ্ষণ কৰিছিল। বুধবাৰে ধৰ্ষণকাৰী দৈমাৰীক লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰো । পুৱতি নিশা জেংৰবড়ি গাঁৱলৈ আৰক্ষীয়ে আনি থকা অৱস্থাত পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে দুজাঁই গুলী কৰিবলৈ বাধ্য হয়।




উল্লেখ্য যে ৫০ বছৰীয়া লম্পটটোৰ কামনাৰ বলি হৈছিল ৩গৰাকী ফুলকুমলীয়া কন্যা শিশু। লম্পটটোৱে নিজ গাঁৱৰে ৫, ৬ আৰু ৭ বছৰীয়া তিনিগৰাকী শিশুক ফুচুলাই নি মুখত সোপা দি ধৰ্ষণ কৰিছিল। ইয়াৰ পিছতে লম্পট ৰজনী গাঁৱৰ পৰা পলায়ন কৰিছিল।

22 views0 comments