ভাৰতৰ ২১ গৰাকী শক্তিশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে উৰিষ্যাৰ আশাকৰ্মীয়ে




৪৫ বছৰীয়া উৰিষ্যাৰ আশাকৰ্মী মতিল্ডা কুল্লুৰ নাম 'ফৰ্বছ ইণ্ডিয়া'ই ভাৰতৰ ২১ গৰাকী শক্তিশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । উৰিষ্যাৰ সুন্দৰগড় জিলাৰ নিবাসী কুল্লুৰ চেষ্টা নোহোৱা হলে আজিও তেওঁৰ গাঁৱৰ মানুহে অসুখত ভুগিলে ডাক্তৰৰ ওচৰলৈ নগৈ ক'লাযাদুৰ ওপৰতেই ভৰসা কৰি থাকিলহেঁতেন । বেংকৰ কৰ্মী অৰুন্ধতী ভট্টাচাৰ্য আৰু অভিনেত্ৰী ৰসিকা দুগ্গাল আদিৰ সৈতে এই তালিকাত মতিল্ডাই স্থান লাভ কৰিছে । আজিৰ পৰা ১৫ বছৰ আগতে উৰিষ্যাৰ সুন্দৰগড় জিলাৰ বৰাগাঁও তহছিলৰ গড়গড়বাহাল গাঁওৰ বাবে তেওঁ আশাকৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁ কয় যে প্ৰথমতে মানুহবোৰে তেওঁৰ কথা শুনিবলৈ বিচৰা নাছিল আৰু তেওঁক ককৰ্থনা কৰিছিল । তেওঁ আনকি জাতিভেদৰো চিকাৰ হবলগীয়া হৈছিল । তেওঁ কয় যে মানুহক ওজাৰ সলনি ডাক্তৰৰ ওচৰলৈ নিয়াৰ বাবে সন্মত কৰাওতে তেওঁৰ বহু বছৰ লাগিছিল । সম্প্ৰতি উৰিষ্যাৰ অন্যান্য আশাকৰ্মীসকলৰ দৰে মতিল্ডাও দিনটো বিভিন্ন স্বাস্থ্যসম্পৰ্কীয় কামকাজ যেনে ঘৰে ঘৰে গৈ নবজাত শিশুৰ পুষ্টিৰ খবৰ ৰখা, গৰ্ভৱতী মহিলাসকলৰ খবৰ ৰখা আৰু যত্ন লোৱা আদিবোৰত ব্যস্ত থাকে । পুৱা ৫ বজাত আৰম্ভণি হোৱা তেওঁৰ দিনবোৰ এতিয়া কোভিডৰ বাবে বেছিকৈ কষ্টকৰ হৈ পৰিছে । যোৱা বছৰ কোভিড আৰম্ভ হোৱাৰ সময়ত তেওঁ প্ৰতিদিনে ৫০-৬০ ঘৰ মানুহৰ তাত চাইকেল চলাই গৈ কোভিড সংক্ৰমণৰ তথ্য সংগ্ৰহ কৰিছিল । উল্লেখযোগ্য যে আশাকৰ্মীসকলে মানুহৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব লাগে যদিও তেওঁলোকক প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী যেনে পিপিই কিট, মাস্ক, গ্লোভছ, চেনিটাইজাৰ আদি যোগান ধৰা নহয় । তদুপৰি ইমান কষ্টৰ পিছতো তেওঁলোকে মাত্ৰ ৪৫০০ টকাহে মাহেকীয়া দৰমহা লাভ কৰে বুলিও মতিল্ডাই কয় ।

5 views0 comments