সংক্ৰমণ বৃদ্ধি : গুৱাহাটীত দিনে ১০ হাজাৰ লোকৰ হ'ব কৰোনা পৰীক্ষা




মহানগৰ জিলাত ক্ৰমশঃ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ইয়াৰে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কৰোনা পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি, ক’ভিড সংক্ৰমণ বৃদ্ধি হৈ থকা স্পৰ্শকাতৰ এলেকাসমূহ চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ৰাজধানী মণ্ডল আৰু পূৱ মণ্ডলত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে।


বিষয়টোক লৈ উপায়ুক্তই ইতিমধ্যে স্বাস্থ্য বিভাগৰ বিষয়াৰ স’তে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে। তেওঁ প্ৰতিদিনে কমেও ১০,০০০ লোকৰ ক’ভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। জিলাখনৰ ক’ভিড সংক্ৰমণ নাশ কৰাৰ বাবে ক’ভিড পৰীক্ষা আৰু টীকাকৰণেই একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে।


তদুপৰি অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

7 views0 comments