ভাৰতত কৰোনাৰ সংক্ৰমণ আৰু কমিল, অসমতো ওভতনি যাত্ৰা মহামাৰীৰ




ভাৰতত লাহে লাহে নিম্নমুখী হৈছে কৰোনাৰ দৈনিক সংক্রমণৰ সংখ্যা। সমান্তৰালকৈ হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা। ভৰ্তি হৈ থকা ৰোগীৰ সংখ্যা কমাত হাস্পতালৰ ওপৰত চাপ কমিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক'ভিড পজিটিভ হৈছে ২ লাখ ৫১ হাজাৰ ২০৯জন। মৃত্যু হৈছে ৬২৭জনৰ। সংখ্যাটো আগদিনাৰ তুলনাত বহু বেছি।

ইফালে দিনটোত কৰোনামুক্ত হৈছে উঠেছেন ৩ লাখ ৪৭ হাজাৰ ৪৪৩জন। ইয়াৰ বিপৰীতে গেশত বৰ্তমান কৰোনা সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২১ লক্ষাধিক।

বৃহস্পতিবাৰে সংখ্যাটো আছিল ২২ লক্ষাধিক।  পজিটিভিটী হাৰ ১৫.৮৮ শতাংশ। কেৰালা আৰু মহাৰাষ্ট্রৰ পৰিসংখ্যা এতিয়াও চিন্তাজনক। কেৰালাৰ স্বাস্থ্যমন্ত্রীয়ে জনাইছে, কেৰালাত সংক্রমিতৰ ৯৪ শতাংশই অমাইক্ৰনত (Omicron) আক্রান্ত। ইয়াৰ উপৰিও দেশত এই মুহূর্তত দেখা গৈছে অমাইক্ৰনৰ ছাব-ষ্টেইন BA.2ৰ সংক্ৰমণ।


  

ইফালে, অসমতো কৰোনাৰ সংক্ৰমণ নিম্নগামী হৈছে। বিগত ২৪ ঘন্টাত ৰাজ্যখনত ৩৬৭৭জন কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ৭৬৮জন কামৰূপ মেট্ৰ’ৰ, ১৮০জন কামৰূপ গ্ৰাম্যৰ, ১৭৫জন গোৱালপাৰাৰ আৰু ১৬৮জন গোলাঘাটৰ।

আনহাতে ৰাজ্যত এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৫,১৭৫জন ৰোগী। ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ২০জনৰ মৃত্যু হয়। অসমত বৰ্তমান পজিটিভিটীৰ হাৰ ৮.২৮ শতাংশ।

4 views0 comments