ওৱেইছিৰ স্পৰ্ধা : এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব হিজাব পৰিহিতা





১৯৪৭ চনতে ধৰ্মৰ ভিত্তিত তথা হিন্দুবিদ্বেষৰ আধাৰত দেশৰ বিভাজন ঘটে যদিও ভাৰতবৰ্ষৰ বুকুত বহি ইছলামিক ৰিপাবলিক অৱ পাকিস্তানৰ স্বপ্ন দেখা লোকৰ সংখ্যা আজিও তাকৰ নহয়। মুখত ধৰ্মনিৰপেক্ষতা আৰু চেতনাত অহৰহ ইছলামিক ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ কঢ়িয়াই ফুৰা লোকসকল মাজে সময়ে উলংগ হৈ পৰে। সন্ধিয়া হ’লে হুৱা দি ধৰা নীলা শিয়ালৰ দৰে তেওঁলোকে বিভিন্ন সময়ত হোৱা দি নিজকে উলংগ কৰে। শেহতীয়াকৈ দেশবাসীৰ ওচৰত আৰু এবাৰ উলংগ হ’ল এআইএমআইএমৰ মুৰব্বী আছাউদ্দিন ওৱেইছি। কৰ্ণাটকৰ হিজাব বিতৰ্কত ধৰ্মীয় সাৰ-পানী দি ভাৰতত ইছলামিক ৰিপাবলিক অৱ পাকিস্তানৰ স্বপ্ন দেখি থকা লোকসকলৰ মনোৰঞ্জন কৰি থকা ওৱেইছিয়ে শেহতীয়াকৈ বিতৰ্কটোত এটা নতুন মাত্ৰা প্ৰদান কৰি আছে। ইছলামিক ৰাষ্ট্ৰৰ প্ৰীতিত অন্ধ ওৱেইছিয়ে এইবাৰ এগৰাকী হিচাব পিন্ধা নাৰী এদি ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰিছে। ভাৰতত হিজাব পিন্ধা নাৰী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে বুলি সংবিধানত লিখা নাই। ওৱেইছিৰ দৰে নেতাই কথাষাৰ ভালদৰে ানে। তৎসত্ত্বেও কথাষাৰ উচ্চাৰণ কৰাৰ নিশ্চয় কাৰণ আছে। সেইটোৱেই মূল কথা। ভাৰতত আজিও যিসকলে এখন ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ স্বপ্ন ৰচি আছে আৰু সেই মতে চক্ৰান্ত ৰচি আছে, তেওঁলোকৰ হৃদয়ত ওৱেইছিৰ কথাষাৰে টনিকৰ দৰে কাম কৰিব। লগতে আৰু কিছু লোকক বিপথে পৰিচালিত কৰিব পাৰে। ওৱেইছিৰ দৰে নেতাই ইয়াকে বিচাৰে। ভাৰতত প্ৰতিদিনে ইছলামিক ৰাষ্ট্ৰৰ স্বপ্ন দেখা মানুহৰ সংখ্যা বৃদ্ধি পাওক। তেনে লোকক উৎসাহিত কৰিবলৈ সুযোগ পালেই এচামে ধৰ্মীয় উন্মাদনাৰ বিহ ছটিয়াই দিয়ে। এইবাৰ হিজাব বিতৰ্কতো তেওঁলোক সক্ৰিয় হৈ পৰিছে।


উত্তৰপ্রদেশত নিৰ্বাচনী প্ৰচাৰত হিজাব বিতর্কক টানি আনি ওৱেইচিয়ে কয় যে দেশত এদিন হিজাব পৰিহিত মহিলা প্ৰধানমন্ত্ৰী হ’ব। ৰাজ্যখনৰ চম্বল জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত কয় যে হিজাব পৰিহিত কন্যা ডাক্তৰ হৈছে, জিলাশাসক হৈছে, মহকুমাশাসক হৈছে। তেওঁলোকে এদিন দেশৰ প্্ৰধানমন্ত্ৰীও হ’ব। ওৱেইছিৰ এই বক্তব্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে সমালোচনা আৰম্ভ হয়। সকলোৱে অৱেইছিৰ নীচ মানসিকতাক গৰিহনা দিয়ে। বক্তব্যটোৰ আঁৰত ইছলামিক ৰাষ্ট্ৰ গঢ়াৰ চক্ৰান্ত লুকাই আছে। ভাৰতত সকলো মুছলমান নাৰীয়ে হিজাব নিপিন্ধে। মৌলবাদী চিন্তাৰ অধীনত থকা নাৰীয়েহে হিজাব পিন্ধে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে মুছলমানৰো এটা বিশেষ অংশক তেওঁ লক্ষ্য কৰি লৈছে। সেই মৌলবাদী চিন্তাৰ মানুহৰ মাজত ইছলামিক ৰাষ্ট্ৰৰ স্বপ্ন ফুলি থাকে।

ভাষণত ওৱেইছিয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে মুছলমান মহিলাক হিজাব পিন্ধিবলৈ নিদিয়ে। ওৱেইছিয়ে এটা কথা জনা ভাল যে বিশ্বৰ বহু মুছলমান দেশত শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ। দেশসমূহত মুছলমান নাৰীৰ স্বাধীনতাক গুৰুত্ব দি হিজাবৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতত ওৱেইছিৰ দৰে নেতাই হিজাৰ আঁৰত ৰাখি মুছলমান যুৱতী-মহিলাক পিছফালে টানিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আঁৰত গভীৰ চক্ৰান্ত লুকাই আছে। এই বিভাজনকামী চিন্তা-ধাৰাক অধিক বাঢ়িবলৈ দিয়াটো দেশখনৰ সাৰ্বভৌমত্বৰ বাবে এদিন ক্ষতিকৰ হ’ব পাৰে।



উল্লেখ্য যে কর্ণাটকৰ হিজাব বিতর্কই সমগ্ৰ দেশখনক ব্যতিব্যস্ত কৰি তুলিছে। সারা বিতৰ্কটো অৱশ্যে একেবাৰে নতুন নহয়। নতুন মাত্ৰা লাভ কৰে কেইদিনমান আগেয়ে।

7 views0 comments