ইছলামিক সন্ত্ৰাসবাদৰ ঠিকাদাৰ পাকিস্তান-আফগানিস্তান ড্ৰাগছ সন্ত্ৰাসবাদৰো ঘাটি





শেহতীয়াকৈ অসমত এটা চৰ্চিত নাম হৈ পৰিছে ড্ৰাগছ। ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণৰ পিছতে আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ লগতে এনকাউণ্টাৰত কেইবাটাও ড্ৰাগছ মাফিয়া আহত হোৱাৰ দৰে ঘটনাই অসমত নামটোক চৰ্চালৈ আনিছে। অকল অসমেই নহয়, বিশ্বৰ চৌদিশে ড্ৰাগছৰ আছে এখন বিশাল বজাৰ। এই নিষিদ্ধ ড্ৰাগছ প্ৰস্তুতৰ এবিধ কেঁচামাল হৈছে আফিম। আফিমৰ পৰা হেৰ'ইন প্ৰস্তুত হয়। এই মুহূৰ্তত বিশ্বৰ চাহিদাৰ প্ৰায় ৯০ শতাংশ আফিম যোগান ধৰা হয় আফগানিস্তানৰ পৰা। আফিমৰ পৰা পাকিস্তানত হেৰ'ইন প্ৰস্তুত কৰা হয়। অৰ্থাৎ ইছলামিক সন্ত্ৰাসবাদীৰ কাৰখানাস্বৰূপ দেশ দুখন ড্ৰাগছ সন্ত্ৰাসবাদৰো ঘাটি হৈ পৰিছে। ইফালে আফগানিস্তানত সমগ্ৰ ক'লা ব্যৱসায়টো নিয়ন্ত্ৰণ কৰে তালিবান আৰু হাক্কানী নেটৱৰ্কে। পাকিস্তানত আইএছআইৰ চোকা নজৰত চলে হেৰ'ইন তৈয়াৰ ব্যৱস্থা।



ইউৰোপীয়ান ফাউণ্ডেচন ফৰ ছাউথ এছিয়ান ষ্টাডিজৰ শেহতীয়া তথ্য অনুসৰি, বিশ্বৰ ৮৭ শতাংশ আফিম উৎপাদন হয় আফগানিস্তানত। আফগানিস্তানত থকা কালছোৱাত অৰ্থাৎ প্ৰায় দুটা দশকত ৯ বিলিয়ন ধন খৰচ কৰিও আমেৰিকা যুক্তৰাষ্ট্ৰই সেই খেতি বন্ধ কৰিব নোৱাৰিলে। ইফালে, আফগানিস্তানৰ পৰা আফিম পাকিস্তানলৈ নি তাত থকা পৰীক্ষাগাৰত হেৰ'ইন প্ৰস্তুত কৰা হয়। সেইবোৰ বিশ্বৰ বিভিন্ন দেশলৈ চোৰাংভাৱে সৰবৰাহ কৰা হয়। অৰ্থাৎ বিশ্বত ইছলামিক সন্ত্ৰাসবাদ যোগান ধৰা আফগানিস্তান আৰু পাকিস্তান হৈ পৰিছে ড্ৰাগছ সন্ত্ৰাসবাদৰো প্ৰাণকেন্দ্ৰ।

14 views0 comments