বাংলাদেশ গঠনৰ নেৰেটিভ সলনিৰে উত্তৰ-পূবত এখন নতুন কাশ্মীৰ সৃষ্টিৰ চক্ৰান্ত পাকিস্তানৰ





ব্ৰিটিছে দুটা ভাগত বিভক্ত কৰি যোৱা ভাৰতীয় উপ-মহাদেশত ১৯৭১ চনত আৰু এখন নতুন ৰাষ্ট্ৰ গঠন হয়- বাংলাদেশ। দেশখন গঠনৰ প্ৰেক্ষাপট, ইতিহাস মোটামুটি সকলোৰে জ্ঞাত। সেই প্ৰেক্ষাপট, ইতিহাস পাকিস্তানৰ দ্বাৰা সৃষ্ট। নিজৰ দেশৰ জনসাধাৰণকে কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ পাকিস্তানৰ মূল ভূ-খণ্ডৰ জনসাধাৰণ, সেনা আৰু ৰাজনৈতিক নেতত্বই ঘৃণা আৰু অত্যাচাৰী নীতি তথা সম্প্ৰসাৰণবাদৰ আশ্ৰয় নল’লে বাংলাদেশ ভূমিষ্ঠ হোৱাৰ কোনো অৱকাশেই নাছিল। কিয়নো ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হ’ব লাগে, তাৰ সৰ্বাধিক সমৰ্থকেই আছিল বৰ্তমানৰ বাংলাদেশ অথবা তদানীন্তন পূব পাকিস্তানৰ। শেহতীয়াকৈ পাকিস্তানে বাংলাদেশ গঠনৰ প্ৰেক্ষাপট আৰু ইতিহাসৰ নতুন ব্যাখ্যা (অপব্যাখ্যা) প্ৰতিষ্ঠা কৰাত ব্যস্ত হৈ পৰিছে। ইয়াৰ এটাই কাৰণ, বাংলাদেশৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিব লাগে। লক্ষ্য অৱশ্যে বেলেদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এখন নতুন কাশ্মীৰৰ সৃষ্টি কৰা। সন্দেহ নাই, ইয়াত দেশখনে চীনৰো নৈতিক আৰু লজিষ্টিক সমৰ্থন লাভ কৰিছে।

এটা কথা অস্বীকাৰ কৰি উপায় নাই যে বিশেষ সাংবিধানিক মৰ্যাদা প্ৰত্যাহাৰৰ পিছৰে পৰা কাশ্মীৰত পাকিস্তানৰ দুৰাভিসন্ধি পতনমুখী হৈছে। নতুন কেন্দ্ৰীয়শাসিত অঞ্চলটোত সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ দৌৰাত্ম্য ভালেখিনি হ্ৰাস পাইছে। কাশ্মীৰৰ জনগণে পাকিস্তানী সন্ত্ৰাসবাদীক গুৰুত্ব দিবলৈ এৰিছে। পাকিস্তানৰ নেজত ধৰি কাশ্মীৰত সন্ত্ৰাসবাদৰ খেতি কৰি অহা হুৰিয়ৎ কনফাৰেঞ্চৰ এতিয়া অস্তিত্বই সংকটত। দুই-এটা ৰাজনৈতিক দল তথা ৰাজনীতিকে পাকিস্তানৰ আনুগত্য প্ৰকাশ কৰি আহিছে যদিও তেওঁলোক কাশ্মীৰৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত অপ্ৰাসংগিক হোৱাৰ দিশে আগবাঢ়িছে। ভিক্ষাৰীত পৰিণত হোৱা পাকিস্তানে এতিয়া কাকোৱেই ধন দিব নোৱাৰা হোৱাত সকলো দিশহাৰা হৈ পৰিছে। কাশ্মীৰত এতিয়া বিকাশে কথা ক’বলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে ন ন অঞ্চললৈ সন্ত্ৰাসবাদ বিয়পাই ভাৰতক অস্থিৰ কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। পঞ্জাবত খালিস্তানী সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰাৰ অপচেষ্টা চলিছে। বাংলাদেশৰ জৰিয়তে উত্তৰ-পূব ভাৰতত বিশেষকৈ অসমত ইছলামিক সন্ত্ৰাসবাদৰ খেতি কৰিবলৈ উদ্বাউল হৈ পৰিছে পাকিস্তান। লগতে পশ্চিমবংগ আৰু ত্ৰিপুৰাও আছে পাকিস্তানৰ লক্ষ্যত। এই তিনিটা অঞ্চলত ইছলামিক সন্ত্ৰাসবাদৰ ভেটি মজবুত কৰিব পাৰিলে পাকিস্তান আৰু চীনৰ বাবে চিকেন নেক কাটি অঞ্চলটোক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাত সুবিধা হ’ব বুলি ধাৰণা এটা ভিতৰি ভিতৰি গা কৰি উঠিছে। বিষয়টো ভাৰতে গুৰুত্বসহকাৰে লোৱা উচিত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে বাংলাদেশৰ এটা অংশই পাকিস্তানপন্থী হ’লেও দেশখনৰ সিংহভাগ লোকৰ পাকিস্তানৰ প্ৰতি ভাল মনোভাৱ নাই। ইয়াৰ কাৰণ মুক্তিযুদ্ধ আৰু পাকিস্তানী সেনাৃৰাজনৈতিক নেতৃত্বৰ আচৰণ।

পাকিস্তানৰ নতুন অপচেষ্টাটো ভিতৰলৈ যোৱাৰ পূৰ্বে বাংলাদশ গঠনৰ ইতিহাসলৈ অলপ যোৱা যাওক। ভাৰতীয় উপ-মহাদেশত বাংলাদেশ গঠনৰ ইতিহাস প্ৰায় সকলোৱে জানে। ১৯৭১ চনৰ মার্চত শ্বেখ মুজিবৰ নেতৃত্বত তৎকালীন পূব পাকিস্তানত অহিংস গণ-আন্দোলন গঢ়ি উঠিছিল পাকিস্তানী সামৰিক কর্তৃপক্ষৰ বিৰুদ্ধে। কাৰণ মুজিবৰ আৱামী লীগে ১৯৭০ চনৰ নির্বাচনত পাকিস্তান সংসদত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অর্জন কৰা সত্ত্বেও তেওঁক প্রধানমন্ত্রী হিচাপে গ্রহণ কৰাত অনিচ্ছুক হৈছিল পশ্চিম পাকিস্তানৰ সামৰিক আৰু ৰাজনৈতিক নেতৃবৃন্দ।

ইয়াৰ পিছতে পাকিস্তানৰ সামৰিক প্রশাসনে ১৯৭১ চনৰ ২৬ মার্চত আৰম্ভ কৰে ‘অপাৰচন চার্চলাইট’। আৱামীৰ নেতা-কৰ্মী আৰু সমর্থকৰ ঘৰৰ পৰা আটক কৰি আনি নিৰ্বিচাৰে হত্যা কৰা হয়। তদুপৰি, হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ কৰা হয়। মুজিবক গ্রেপ্তাৰ কৰি পাকিস্তানলৈ লৈ যোৱা হয়। ইফালে, পূব পাকিস্তান হত্যালীলা আৰু ধৰ্ষণকাণ্ড চলি থাকে। তাত সংযোজিত হয় এটা ঐতিহাসিক সশস্ত্র প্রতিৰোধ, যাক মুক্তিযুদ্ধ বুলি কোৱা হয়। পূব পাকিস্তানত বিৰাজমান ভয়াৱহ পৰিস্থিতিৰ বাবে কোটিৰো অধিক নিৰাশ্রয় আৰু বিপন্ন মানুহ সীমান্ত পাৰ হৈ ভাৰতত শৰণার্থী হিচাপে আশ্ৰয় লয়। শৰণাৰ্থীৰ বিশাল সমদলটোৰ বাবে ভাৰতে পাকিস্তানৰ এই অভ্যন্তৰীণ সংকটত হস্তক্ষেপ কৰিবলগীয়া হয়। ৩ ডিচেম্বৰৰ পৰা ১৪ দিনৰ যুদ্ধত পাকিস্তানক ধৰাশায়ী কৰে ভাৰতীয় সেনা আৰু মুক্তি বাহিনীয়ে। ৯৩,০০০ পাকিস্তানী সেনাই ১৬ ডিচেম্বৰত ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰে। শ্বেখ মুজিবে মুক্তিলাভ কৰে আৰু ১৯৭২ চনত তেওঁৰ প্রধানমন্ত্রিত্বত বাংলাদেশ চৰকাৰ গঠন হয়।

দেশে-বিদেশে বাংলাদেশৰ ‘মুক্তিযুদ্ধ’ সম্পর্কে ইমানদিনে যিমান লেখা-মেলা হৈছে, তাত এই ভিত্তিটোকে মূল হিচাপে লোৱা হৈছে। বৰ বিশেষ সলনি হোৱা নাই। অৱশ্যে তিনিওখন দেশৰ জাতীয়তাবাদী স্মৃতিচাৰণৰ কথা নিশ্চয়েই অলপ সুকীয়া হ’ব। পাকিস্তানৰ ইতিহাসত থাকিব যথেষ্ট আত্মপক্ষ সমর্থন। বাংলাদেশী ইতিহাস হ’ব বীৰত্বৰ গাথাৰে উজ্জীৱিত। ভাৰতৰো নিজস্ব ব্যাখ্যা থাকিব। কিন্তু মূল ভেটিটো একেই থাকিব বা আছে।

ঢাকাত ইতিমধ্যে একাধিক ভাৰতবিৰোধী ৰাষ্ট্রনায়ক আহিছে। শ্বেখ মুজিবক যেতিয়া বাংলাদশ সেনাবাহিনীৰ এটা দলে ১৯৭৫ চনৰ ১৫ অগষ্টত হত্যা কৰে, তাৰ সুযোগ গ্রহণ কৰে ভাৰতবিৰোধীসকলে। অৱেশ্য তেওঁলোকে বেছি দিন তিষ্ঠি থাকিব নোৱাৰিলে। ২০০৯ চনত মুজিবৰ কন্যাই দ্বিতীয়বাৰ প্রধানমন্ত্রী হোৱাৰ পিছতে (প্রথমবাৰ ১৯৯৬-২০০১) কঠোৰ হাতেৰে সমাজৰ সেই অংশটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। তাৰে একাংশ শ্বেখ মুজিবৰ হত্যাৰ চক্ৰান্তৰ সৈতে জড়িত আচিল আৰু একাংশ আছিল সার্বভৌম বাংলাদেশৰেই বিৰোধী। যেনে জামাত-এ ইছলামীৰ প্রধান মতিউৰ ৰহমান ইছলামী। ২০১৬ চনত শ্বেখ হাছিনাই গঠন কৰা যুদ্ধাপৰাধ ট্রাইবুনালৰ আদেশত তেওঁৰ ফাঁচি হয়। তেওঁৰ ফাঁচিত পাকিস্তান সৰৱ হৈ উঠিছিল। আনকি তুৰস্কও। কিন্তু ইমানৰ পিছতো বাংলাদেশ গঠনৰ নেৰেটিভৰ সামান্যতমো সলনি হোৱা নাছিল। য’ত কোৱা হৈছে যে পশ্চিম পাকিস্তানৰ পাঞ্জাবী মুছলমানসকলে পূব পাকিস্তানৰ বাঙালী মুছলমানসকলক ঘৃণাৰ দৃষ্টিৰে চাইছিল। তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিত ক্ষমতাৰ ভাগ-বাটোৱাৰা কৰাৰ পক্ষত নাছিল। ইত্যাদি।


পৃষ্ঠভূমি অথবা নেৰেটিভ সলনি কৰাৰ অপচেষ্টা প্ৰথমে পোহৰলৈ আহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বিগত বৰ্ষৰ জুলাইত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ফোনত কথা পতাত। শ্বেখ হাছিনাক তেওঁ পাকিস্তানলৈ নিমন্ত্রণ জনায়। অৱশ্যে এতিয়ালৈকে শ্বেখ হাছিনাই ইয়াৰ সঁহাৰি দিয়া নাই। নেৰেটিভ সলনিৰ আঁৰত যে পাকিস্তানৰ গোপন অভিসন্ধি আছে, সেইটো বুজাত অলপো অসুবিধা নহয়। পাকিস্তানে যিকোনো উপায়ে বাংলাদেশৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। যাতে ভাৰতক চাপত ৰাখিব পৰা যায়। উত্তৰ-পূব আৰু পশ্চিমবংগত ইছলামিক সন্ত্ৰাসবাদ বিয়পাই দিব পৰা যায়। ইয়াত এখন নতুন কাশ্মীৰৰ সৃষ্টি কৰিব পৰা যায়। ইয়াৰ সৈতে যু্ক্ত হৈ আছে পাকিস্তানৰ ঢাকা প্ৰজেক্ট। এই প্ৰজেক্টৰ মূল উদ্দেশ্যই হৈছে বাংলাদেশ গঠনৰ পৃষ্ঠভূমিক নতুনকৈ লিখা যাতে পাকিস্তান নিৰ্দোষী প্ৰতিপন্ন হয় আৰু ভাৰতৰ মূৰত অভিযোগৰ টোপোলা এটা তুলি দিব পাৰি। ঢাকা প্ৰজেক্টৰ জৰিয়তে নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা সত্ত্বেও কিয় শ্বেখ মুজিবক চৰকাৰ গঠন কৰিবলৈ দিয়া নহ’ল, তাৰ অপব্যাখ্যা কৰা হৈছে। দুয়ো পক্ষৰ পাৰস্পৰিক আলোচনাৰ অভাৱৰ বাবেই সেয়া হৈ নুঠিল বুলি বাংলাদেশৰ নৱপ্ৰজন্মৰ মগজুত বিহ ঢলাৰ প্ৰয়াস চলোৱা হৈছে। অৰ্থাৎ পাকিস্তানী ৰাজনৈতিক নেতৃত্ব আৰু সেনাৰ কোনো দোষ নাই। লগতে নাই কোনো ধৰণৰ জাতিবৈৰিতা বা ঘৃণা। ইয়াৰ বিপৰীতে মুক্তিযুদ্ধ সম্পূৰ্ণৰূপে ভাৰতীয় সেনা আৰু চোৰাংচোৱাৰ সৃষ্টি। ইয়াত ইছলামিক কাৰ্ডখন খেলাৰ অপচেষ্টা চলোৱা হৈছে। পাকিস্তান বিমানবাহিনীৰ প্রাক্তন বিষয়া চুলতান হালি, যাৰ পিতৃয়ে ১৯৭১ চনত ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল, শেহতীয়াকৈ তেওঁ লিখিছে ‘টৰমেন্টেড ট্রুথ: ১৯৭১ এণ্ড বিয়ণ্ড’ নামৰ এখন কিতাপ। ১৯৭১ চনত বাংলাদেশ স্বাধীনতা সংগ্রামৰ এই বিনির্মিত ইতিহাস অনুসৰি— ২৬ মার্চত কোনো উল্লেখযোগ্য নৰহত্যাৰ ঘটনাই ঘটা নাই বিশ্ববিদ্যালয়ত।

বর্তমানে ১৯৭১ ঘটনাৱলীল যিবোৰ মনেসজা বিৱৰণ প্ৰস্তুত কৰা হৈছে, তাৰে এটা প্ৰধান উৎস হৈছে দহ বছৰ পূৰ্বে প্রকাশিত এখন কিতাপ- ‘ডেড ৰেকনিং’। লেখিকা শর্মিলা বসু। সম্পূর্ণ একপক্ষীয় সাক্ষাৎকাৰভিত্তিক গ্ৰন্থখনত দুটা প্ৰধান উপাদান আছে যিটো ইছলামাবাদক বিশেষভাৱে আগ্ৰহী কৰি তুলিছে। গ্ৰন্থখনত প্রথমে সন্দেহ কৰা হৈছে ১৯৭১ চনৰ গণহত্যাৰ অভিযোগক। কোৱা হৈছে, পৰৱর্তীকাল নিহতৰ সংখ্যা হেনো বঢ়াই দিয়া হৈছে। গগ্ৰন্থখনৰ মতে, পাক সেনা আৰু ৰাজাকাৰ বাহিনীয়ে মুছলমান নহয়, সংখ্যালঘু অৰ্থাৎ হিন্দুসহ আন ধৰ্মৰ লোককহে হত্যা পাকেপ্ৰকাৰে বুজোৱা হৈছে যে ১৯৭১ চনত পাক সৈন্যই পূব পাকিস্তানত চলোৱা ‘এথনিক চাফাইকৰণ’ৰ জৰিয়তে বাঙালী মুছলমানৰ প্রতি পাকিস্তানীসকলৰ জাতিবিদ্বেষৰ কাহিনীটো মাথোঁ মনেসজা।

পাকিস্তানৰ বৈদেশিক নীতিৰ প্ৰচাৰকসকলে এই অপব্যাখ্যাটো কামত খটুৱাবলৈ আৰম্ভ কৰিছে। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে নেৰেটিভ প্ৰস্তুত আৰু সলনিৰ মনোজগতত এটা বিশেষ ভূমিকা আছে। মানুহৰ মগজু ধুলাইত ইয়ে যথেষ্ট পৰিমাণে সহায় কৰে। বিশেষকৈ ইছলামিকৰ মাজত। ধৰ্মকে জীৱনৰ সকলো বুলি ধৰি গোড়া তথা মৌলবাদী মুছলমানসকলৰ মনত অহৰহ আন ধৰ্মৰ বিৰুদ্ধে উচটনি দি থকা হয়। বাংলাদেশ গঠনৰো পৃষ্ঠভূমিক নতুনকৈ গঢ় দিয়াৰ অপচেষ্টাৰে পাকিস্তানে াংলাদেশৰ মৌলবাদী মুছলমানসকলক প্ৰথমে নিজৰফলীয়া কৰি লোৱাৰ লক্ষ্য কৰি লৈছে। তাত হিন্দুবিৰোধী মছলা সুমুৱাই দি গোটেই ইতিহাসকে নতুনকৈ লিখিবলৈ অপচেষ্টা চলোৱা হৈছে। ইয়াত পাকিস্তান সফ হ’লে, বাংলাদেশ ভাৰতৰ বাবে মূৰৰ কামোৰণি হৈ পৰিব। ইছলামিক সন্ত্ৰাসবাদে এখন উৰ্বৰ ভূমি লাভ কৰিব। সেয়ে ভাৰতবৰ্ষই বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি দিয়াটো জৰুৰী হৈ পৰিছে। লগতে দেশখনৰ চৰকাৰৰ সৈতে সু-সম্পৰ্কত কোনো ধৰণৰ বিঘিনি যাতে নাহে তাৰ প্ৰতিও যত্নপৰ হ’ব লাগিব। দেশত কোনোপধ্যে দ্বিতীয়খন কাশ্মীৰ জন্ম হ’বলৈ দিব নোৱাৰি। উত্তৰ-পূৰ্বাঞ্চল দেশ এটা স্পৰ্শকাতৰ অঞ্চলত অৱস্থিত। চিকেন নেকৰ ঠেক ভৌগলিক অঞ্চল এটাই ইয়াক দেশৰ অন্যান্য অংশৰ সৈতে সংযোগ কৰি ৰাখিছে। চীনে ডোকলামলৈ চকু মেলাৰ কাৰণো এইটোৱে। চিকেন নেকৰ কাষ চাপিব লাগে। কথাটো গুৰুত্বপূৰ্ণ।

4 views0 comments