ভাৰতৰ পতাকা হাতত লৈ ইউক্ৰেইনত প্ৰাণ বচাইছে পাকিস্তান শিক্ষাৰ্থীয়ে




বিশ্বমঞ্চত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ মূল্য, গুৰুত্ব আৰু সন্মান কিমান, ইউক্ৰেইনত চলি থকা যুদ্ধখনে পুনৰবাৰ প্ৰতিপন্ন কৰিলে। যুদ্ধবিধ্বস্ত দেশখনৰ পৰা প্ৰতিৱেশী ৰাষ্ট্ৰলৈ ঢাপলি মেলা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে ত্ৰাণকৰ্তা হৈ পৰিছে ভাৰতৰ পতাকাখন। গাড়ীৰ সন্মুখত ত্ৰিৰংগাখন আঁৰি লৈ ভাৰতীয় শিক্ষাৰ্থী নিৰাপদে ইউক্ৰেইনৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে। ৰাছিয়ান সেনাই কোনো ধৰণে আমনি কৰা নাই। আনকি ইউক্ৰেইনৰ সেনাও শেহতীয়াকৈ বাধা হৈ পৰা নাই। ইমানেই নহয়, প্ৰতিৱেশী ৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থীৰ দলক সংশ্লিষ্ট ৰাষ্ট্ৰ পৰাও দিয়া হৈছে যথাযোগ্য সন্মান, সহায় আৰু সদিচ্ছা। ইয়াৰ বিপৰীতে বেছিভাগ ৰাষ্ট্ৰৰ শিক্ষাৰ্থীয়ে উদ্ধাৰৰ বাবে সহায় বিচাৰি নিজ নিজ দেশৰ কৰ্তৃপক্ষলৈ আবেদন জনাবলগীয়া হৈছে। সবাতকৈ বেয়া অৱস্থা হৈছে পাকিস্তানৰ শিক্ষাৰ্থীৰ। ভাৰতৰ তুলনাত ইউক্ৰেইনত পাকিস্তানী শিক্ষাৰ্থীৰ সংখ্যা কম যদিও তেওঁলোকৰ কাষত উপস্থিত হোৱা নাই পাকিস্তান চৰকাৰ। এই অৱস্থাত কিয়েভ, খাৰকিভ, ছুমী, খোৰছান আদি চহৰৰ পৰা নিজৰ দায়িত্বত পলায়ন কৰিবলগীয়া হৈছে পাকিস্তানী শিক্ষাৰ্থী। তেওঁলোকে যেনেতেনে ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত উপস্থিত হৈ ৰোমানিয়া, পোলেণ্ড আদি ৰাষ্ট্ৰলৈ যাবলগীয়া হৈছে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় নাই। কিন্তু যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনৰ বুকুৰে আঁতৰি যোৱাটো সহজো নহয়। পদে পদে বোমা-গুলীৰ ভয়। চাৰিওফালে চালাচী। এই অৱস্থাত নিজকে সমকটৰ পৰা ৰক্ষা কৰিবলৈ পাকিস্তানী শিক্ষাৰ্থীয়ে ভাৰতৰ জাতীয় পতাকাখনৰ আশ্ৰয় ল’বলগীয়া হৈছে। হাতত ত্ৰিৰংগা লৈ পাকিস্তানীয়ে ইউক্ৰেইনৰ সীমান্তলৈ যাবলগীয়া হৈছে। বিষয়টোত টিপ্ননীকাৰে সঠিকভাৱেই কৈছে, পাকিস্তানৰ পতাকাখন কাশ্মীৰত ভাৰতীয় সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদীৰ দেহত দিব পাৰি। কিন্তু কাৰোৱেই প্ৰাণ বচাব নোৱাৰে। প্ৰাণ যদি বচাব পাৰে, সেইখন হৈছে ভাৰতৰ জাতীয় পতাকা।


প্ৰসংগক্ৰমে উল্লেখ্য যে পাকিস্তানৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰাথমিক বিদ্যালয়ৰ পৰাই ভাৰত আৰু হিন্দুক ঘৃণা কৰিবলৈ শিকোৱা হয়। ইয়াৰ বাবে পাকিস্তানত ভাৰতক শত্ৰুৰাষ্ট্ৰ হিচাপে গণ্য কৰা আৰু হিন্দুক ঘৃণা কৰা লোকৰ সংখ্যা কোটি কোটি। পাকিস্তানী সামৰিক কাৰ্যালয় আৰু ৰাজনৈতিক নেতৃত্বই ইয়াত উচটনি দি সকলো ক্ষেত্ৰতে ভাৰতক হেয় কৰিবলৈ দেশখনৰ জনসাধাৰণক উৎসাহিত কৰে। প্ৰতিটো ক্ষেত্ৰতে নিজকে ভাৰতৰ সৈতে তুলনা কৰে। যদিওবা ভাৰতৰ তুলনাত পাকিস্তান এটা পৰুৱাসমও নহয়। পাকিস্তানৰ সামৰিক আৰু ৰাজনৈতিক নেতৃত্বৰ ুচ্চাকাংক্ষাৰ বলি হৈ প্ৰতিজন পাকিস্তানীয়ে ভাবে যে তেওঁলোক ভাৰতকৈ উচ্চ।কিন্তু বিশ্বমঞ্চত ভাৰতৰ মান-সন্মান কিমান উচ্চ আৰু পাকিস্তানৰ মূল্য কিমান নগণ্য ইউক্ৰেইনত পাকিস্তানীসকলে ভালগৰেই বুজিব পাৰিছে। অকল পাকিস্তান নহয়, ভাৰতৰ বিৰুদ্ধে সততে মাত মাতি অহা তুৰষ্কৰ শিক্ষাৰ্থীৰ বাবেও ইউক্ৰেইনত ভাৰতৰ জাতীয় পতাকাখন প্ৰাণৰক্ষকৰ অৱতাৰ হৈ পৰিছে। ইউক্ৰেইনৰ পৰা পলায়ন কৰোঁতে তেওঁলোকে বাটত যাতে কোনো ধৰণৰ সমস্যাত পৰিবলগীয়া ভাৰতীয় জাতীয় পতাকাখন সকলোকে দেখুৱাই লৈ গৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰি ভাৰতৰ জাতীয় পতাকা লৈ ইউক্ৰেইনৰ পৰা ওলাই যোৱা লোকৰ ওপৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, সেইটো নিশ্চিত কৰিছিল। ইয়াৰ বিপৰীতে পাকিস্তান বা অন্যান্য ৰাষ্ট্ৰৰ এইক্ষেত্ৰত চিন্তা আছিল তেনেই সাধাৰণ। ভাৰতীয় শিক্ষাৰ্থীয়ে জাতীয় পতাকাখন লগত হৈ সুকলমে ইউক্ৰেইন পাৰ হ’বলৈ সক্ষম হয়। ভাৰতক শত্ৰুৰাষ্ট্ৰ হিচাপে গণ্য কৰি প্ৰতিটো ক্ষেত্ৰতে ভাৰতৰ বিৰুদ্ধে চক্ৰান্ত কৰি অহা দেশখনৰ শিক্ষাৰ্থীৰ বাবে এতিয়া ভাৰতৰ জাতীয় পতাকাখন প্ৰাণৰক্ষাৰ একমাত্ৰ অৱলম্বন হৈ পৰিল। ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতি অহা এদল শিক্ষাৰ্থীয়ে সংবাদ মাধ্যমৰক জনাইছে যে ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা তেওঁলোকক জনোৱা হৈছিল, যিহেতু আমি ভাৰতীয় আৰু আমাৰ হাতত ভাৰতৰ জাতীয় পতাকা আছে, আমাৰ একো অসুবিধা নহয়।




শিক্ষাৰ্থীসকলে কৈছে, তেওঁলোক যে ভাৰতীয়, সেইটো দেখিলেই বুজি পাব পৰাকৈ নিজেই জাতীয় পতাকাখন অংকন কৰিছে। বজাৰৰ পৰা কিনি এআনিছে 'স্প্রে পেইন্টছ'! সেই ৰং ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে ভাৰতৰ জাতীয় পতাকা। ইউক্রেইনৰ সীমান্তপর্যন্ত এই তিৰংগাই আছিল তেওঁলোকৰ প্ৰকৃত পাছপ’ৰ্ট'! এই প্রসংগত এজন ভাৰতীয় শিক্ষাৰ্থীয়ে কৈছে,, "যুদ্ধৰ মাজতে মই দৌৰি বজাৰলৈ যাওঁ। এখন বিশাল পৰ্দা আৰু ৰং কিনে আনো। তাৰ পিছত পৰ্দাখন জোখত কাটি লওঁ। তাৰ ওপৰত ৰং ঢালি জাতীয় পতাকাখন প্ৰস্তুত কৰোঁ। সেই তিৰংগা লগত লৈ আমি ইউক্রেইনৰ পৰা আংতৰি আহিলোঁ।"


শিক্ষাৰ্থীসকলেই জনাইছে, ইউক্ৰেইনৰ পৰা আঁতৰি আহোঁতে পাকিস্তানী আৰু তুৰষ্কৰ শিক্ষাৰ্থীসকলেও ভাৰতৰ পতাকাক ৰক্ষাকৱচ হিচাপে ব্যৱহাৰ কৰিছে। এজন ছাত্রই কৈছে, "তুৰষ্ক আৰু পাকিস্তানৰ ছাত্র-ছাত্রীয়ে আমাৰ জাতীয় পতাকা ব্যৱহার কৰিছে। ইয়াৰে তেওঁলোকৰ সুবিধা হৈছে। এই পন্থা অৱলম্বন নকৰিলে তেওঁলোকৰ বাবে ইউক্রেইন ত্যাগ কৰাটো অসম্ভৱ হৈ পৰিলেহেঁতেন। তেওঁ কয়, আমি সকলোৱে মিলি এখন বাছ ভাৰা কৰোঁ। বাছখনত উঠি আমি ওডেছাৰ পৰা মলডোভা সীমান্তলৈ যাওঁ। মলডোভাৰ বাসিন্দাসকল এককথাত অসাধাৰণ। তেওঁলোকে বিনামূল্যে আমাৰ থকা-খোৱাৰ বন্দবস্ত কৰে। তেওঁলোকৰ সহায়ত আমি ৰোমানিয়া সীমান্তলৈ গুচি যাওঁ।

ইফালে, ভাৰতীয় পতাকাৰে নিজৰ নিজৰ জীৱন ৰক্ষা কৰা পাকিস্তানী শিক্ষাৰ্থীসকলে ৰোমানিয়া, পোলেণ্ড, হাংগেৰী সীমান্তত পাকিস্তান প্ৰশাসনক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰে। সকলোৰে মুখত ভাৰত চৰকাৰৰ প্ৰশংসা। এগৰাকী ছাত্ৰীয়ে কয়, পাকিস্তানী হোৱা বাবেই আজি সংকটত পৰিছোঁ। ভাৰতীসকলক চৰকাৰে অকল্পনীয় সহায় কৰি আছে।

27 views0 comments