তাজমহলত পাকিস্তান জিন্দাবাদ ধ্বনি মৌলবাদীৰ : এজনক গণপ্ৰহাৰ জনতাৰ




প্ৰেমৰ প্ৰতীক তাজমহল। এই তাজমহলতে পাকিস্তান জিন্দাবাদ ধ্বনি দি ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনালে ইছলামিক মৌলবাদীয়ে। ইয়াৰে এটাক গণপ্ৰহাৰেৰে মৌলবাদ মুখেৰে উলিয়াই দিয়া হয়। এটাই কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয়।


উৰুছ উৎসৱত সমৱেত লোকৰ ইছলামিক মৌলবাদ আৰু ভাৰতবিৰোধী চিন্তাৰ প্ৰসাৰ ঘটাবলৈ দুটা মৌলবাদীয়ে তাজমহলৰ ওপৰত উঠি পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল। ঘটনাটো মঙলবাৰৰ নিশাৰ।

উৎসৱৰ শেষ নিশা দুয়ো মৌলবাদী যুৱকে তাজমহলৰ ওপৰত উঠি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে। লগে লগে চাৰিওফালে হুৱাদুৱা লাগে। কোন এই পাষণ্ড, ভাৰতৰ বুকুত থিয় দি বৈৰীৰাষ্ট্ৰ পাকিস্তানৰ জয়গান কৰি আছে?



উল্লেখ্য যে ‘উৰুছ’ উপলক্ষে তাজমহলত স্থানীয় লোক আৰু পর্যটকৰ ভিৰ হৈছিল। উৎসৱটোত পৃথিৱীৰ সপ্তম আশ্চর্য তাজমহলত (Taj Mahal) মোগল সম্রাট ছাহজাহানৰ সমাধিত চাদৰ দিয়া হয়। সেইবাবে সন্ধিয়াৰ পৰাই তাত ভিৰ হ'বলৈ ধৰে। তাজগঞ্জ থানাৰ আৰক্ষীয়ে জনোৱা মতে, ঠিক সেই সময়তে পাকিস্তানৰ সমর্থনত ধ্বনি দি যুৱকদ্বয়। আগ্রাৰ বুকুত পাকিস্তানৰ জয়ধ্বনি শুনি তাত থকা মানুহ উত্তেজিত হৈ পৰে। এটাক ধৰি উত্তম-মধ্যম শোধায়। পৰিস্থিতি উত্তপ্ত হৈ উঠা দেখি আনটো মৌলবাদী যুৱক তাজমহলৰ ওপৰৰ পৰাই ছেগ বুজি পলায়ন কৰে। অৱশ্যে মৌলবাদীটোক চিনাক্ত কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে।


তাজগঞ্জ থানাৰ বিষয়া ভুপেন্দ্র বালিয়ানে সংবাদমাধ্যমৰ আগত কোৱা মতে, ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু হৈছে। আনহাতে, গণপ্ৰহাৰৰ সন্মুখীন হোৱা মৌলবাদীটোৰ নাম ছুহেল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। । ১৯ বছৰীয়া মৌলবাদীটোৰ ঘৰ উত্তৰপ্রদেশৰ ফিৰোজাবাদত। CISF-এ ছুহেলক ধৰি তাজগঞ্জ আৰক্ষীক গতাই দিয়ে। ভাৰতীয় দণ্ডবিধিৰ ১৫১ নম্বৰ ধাৰাত ছুহেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আনহাতে গণপ্ৰহাৰত লেবেজান হোৱা হেতু আৰক্ষীয়ে ছুহেলৰ স্বাস্থ্য পৰীক্ষাৰ দিহা কৰিছে।



উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভাৰতবিৰোধী ধ্বনিৰ বাবে উত্তপ্ত হৈছে তাজমহল চৌহদ। বিভিন্ন সাম্প্রদায়িক ইছ্যুক মানুহৰ মাজলৈ নিয়াৰ চক্ৰান্তৰে মৌলবাদী একাংশই জনপ্রিয় পর্যটন কেন্দ্ৰটোক বাছি লয়। তাজমহলত কর্ণাটকৰ হিজাব বিতর্কৰ (Hijab Controversy) প্ৰভাৱো পৰিছিল। স্কুল-কলেজত হিজাবসহ ধর্মীয় পোছাক পিন্ধাৰ বিৰুদ্ধে তাজমহলৰ পার্কিং জ'নত বিক্ষোভ প্ৰদৰ্শন হৈছিল। আৰক্ষীৰ বাধাক অমান্য কৰি বিক্ষোভকাৰীসকলে তাজমহলৰ ভিতৰত প্ৰৱেশৰো চেষ্টা চলাইছিল।

8 views0 comments