দেওবাৰে মুম্বাইৰ পিছত দিল্লীত আতংক : তাঞ্জানিয়াফেৰৎ ব্যক্তিৰ দেহত অমিক্রন




ৰাজধানী মহানগৰ নতুন দিল্লীত ভাৰতৰ পঞ্চমজন অমিক্ৰন আক্ৰান্ত ধৰা পৰিছে।

দিল্লিৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে এই কথা জনাই কয় যে আক্রান্ত ব্যক্তিজন তাঞ্জানিয়াৰ পৰা দিল্লিলৈ আহিছিল। তেওঁৰ সংগৃহীত নমুনা পৰীক্ষা কৰাৰ অন্তত ব্যক্তিজন অমিক্রনত আক্রান্ত বুলি নিশ্চিত কৰা হয়। তেওঁক লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালত ভর্তি কৰোৱা হৈছে।


স্বাস্থ্যমন্ত্ৰী জৈনে আৰু কয় যে বিদেশৰ পৰা অহাসকলৰ ১৭জন ক'ভিড পজিটিভ। তেওঁলোক সকলোৰে চিকিৎসা চলিছে।


ইফালে, দেওবাৰে পুৱাই মুম্বইত এডন মেৰিন ইঞ্জিনিয়াৰৰ দেহত ভাইৰাছটো পোৱা গৈছে। আনহাতে, দেশৰ ভিতৰত প্রথম অমিক্রনৰ সন্ধান পোৱা গৈছিল কর্ণাটকত। ৰাজ্যখনত দুজন ব্যক্তিৰ শৰীৰত সংক্রমণ ধৰা পৰে। তাৰে মাজৰ এজন দক্ষিণ আফ্রিকাৰ পৰা কৰ্ণাটকলৈ উভতিছিল। দ্বিতীয়জন স্বাস্থ্যকর্মী। কিন্তু তেওঁ বিদেশলৈ যোৱা নহয়। স্বাস্থ্যকৰ্মীজন কিদৰে অমিক্রনত আক্ৰান্ত হ'ল, সেইটো পোহৰলৈ অহা নাই।



শনিবাৰে গুজৰাটৰ জামনগৰত আৰু এজনৰ দেহত অমিক্রন পোৱা যায়। ক'ভিডৰ নতুন ৰূপটোক লৈ ইতিমধ্যে বিশ্বজুৰি উদ্বেগৰ সৃষ্টি হৈছে। ভাৰতসহ একাধিক দেশে আন্তর্জাতিক বিমানেৰে অহা যাত্রীৰ ক্ষেত্রত বিধি-নিষেধ জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ডসহ বহু দেশে সীমান্ত বন্ধ কৰি দিয়া আৰম্ভ কৰিছে। আনহাতে, কৰোনাৰ নতুন ৰূপটোক উদ্বেগজনক বা ‘ভেৰিয়েন্ট অৱ কনচাৰ্ন’ হিচাপে চিহ্নিত কৰি সেইটোক ‘ওমিক্রন’ নাম দিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু)।

4 views0 comments