পৰেশ বৰুৱাৰ আলফালৈ গ'ল উজনি ৫ জীয়ৰী-বোৱাৰী, তালিকাত খেলুৱৈৰো নাম




পৰেশ বৰুৱাপন্থী আলফাৰ প্ৰতি অসমত আগ্ৰহ-আকৰ্ষণ অদ্যাপি শেষ হৈ যোৱা নাই। শেহতীয়াকৈ উজনিৰ পাঁচগৰাকী বোৱাৰী-জীয়ৰীয়ে আলফা (স্বা)ত যোগদান কৰিছে। তাৰে মাজত প্ৰতিষ্ঠিত খেলুৱৈও আছে। তেওঁলোকে আলফাৰ শিবিৰলৈ যোৱাৰ পথৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিঅ'টোত জুৰি, অৰণ্যৰ মাজৰ লুঙলুঙীয়া বাটেৰে দলটো গৈ থকা দৃশ্য বন্দী হৈছে।



আলফাত যোগদান কৰা পাঁচগৰাকীৰ ভিতৰত তিনিচুকীয়াৰ চাংমাই গাঁৱৰ প্ৰতিষ্ঠিত খেলুৱৈ নয়নমণি চেতিয়া উৰফে ইহুম চেতিয়াৰ নাম চৰ্চালৈ অহাত পৰিয়ালৰ লোকসকল আচম্বিত হৈ পৰিছে। তেওঁ এটি সাত বছৰীয়া সন্তানৰ মাতৃ। নয়নমণি চেতিয়াৰ ভাতৃৰ ভাষ্য অনুসৰি, চাৰিদিনৰ পূৰ্বে নয়নমণি চেতিয়াই পৰিয়ালৰ লগত এসাঁজ খাই লগৰীয়াৰ লগত খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও সেই দিন ধৰি তাইৰ লগত কোনোধৰণৰ যোগাযোগ সম্ভৱ হোৱা নাই ।



ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ নয়নমণিয়ে জিলাখনৰ বিভিন্ন অঞ্চলত কিক্‌ বক্সিঙৰ প্ৰশিক্ষণ দি অহা বুলি ভাতৃয়ে উল্লেখ কৰে । তিনিচুকীয়া সদৰ থানাত অসম আৰক্ষীৰ হোমগাৰ্ড হিচাপে কৰ্মৰত নয়নমণিৰ স্বামীও আচম্বিত হৈ পৰিছে নিজ পত্নীৰ নিৰুদ্দেশক লৈ । ইফালে পাঁচগৰাকী সতীৰ্থসহ ক’লা টি-চাৰ্ট আৰু বগা হাফপেন্ট পৰিহিত নয়নমণিয়ে হাবি-জংঘল, নদ-নদী, পাহাৰ অতিক্ৰমী যোৱা এটা ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।


আনফালে নয়নমণিৰ লগতে গোগামুখৰ সবিতা চেতিয়া, লখিমপুৰ জিলাৰ লালুকৰ শমিষ্ঠা শইকীয়া ওৰফে য়েছেংফাইও নিষিদ্ধঘোষিত সংগঠনটোত যোগদান কৰা বুলি ব্যাপক প্ৰচাৰ চলিছে । তেওঁলোকৰ লগত মৰিগাওঁ আৰু মাজুলীৰ দুই যুৱতী সংগঠনটোত যোগদান কৰা বুলিও চৰ্চিত হৈছে । উল্লেখ্য যে আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰা শমিষ্ঠা শইকীয়া আলফা সদস্য অভিজিত গগৈ ওৰফে আইছেং অসমৰ প্ৰেয়সী বুলি জনা যায় ।

8 views0 comments