A , B আৰু Rh+ ব্লাড গ্রুপৰ ব্যক্তি কোভিডত আক্রান্ত হোৱাৰ আশংকা অধিক




যি সময়ত কোভিড মহামাৰীয়ে সকলোৰে মাজত আতংকৰ সৃষ্টি কৰিছে। তেনে সময়তে প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য। তথ্য অনুসৰি তেজৰ A,B আৰু Rh+ গ্ৰুপৰ ব্যক্তিসকল কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক । এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। ইয়াৰ বিপৰীতে তেজৰ ' O ', 'AB' আৰু 'Rh-' গ্রুপৰ ব্যক্তিসকল কোভিড -১৯ ত সংক্ৰমণৰ আশংকা যথেষ্ট কম।দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ এক অধ্যয়নত পোৱা গৈছে এই তথ্য । এই অধ্যয়নটো ২,৫৮৬ গৰাকী কোভিড পজিটিভ ৰোগীৰ ক্ষেত্ৰত কৰা হৈছিল ।ৰোগীসকলক ৮ এপ্ৰিল ২০২০ বৰ্ষৰ পৰা ৪ অক্টোবৰ ২০২০ চনলৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এই ফলাফলবোৰ ফ্ৰণ্টিয়াৰ্ছ ইন চেলুলাৰ এণ্ড ইনফেকশ্যন মাইক্ৰ'বায়োলজীৰ ২১ নৱেম্বৰ সংখ্যাত প্ৰকাশিত হৈছিল।



গৱেষণা বিভাগৰ পৰামৰ্শদাতা ড. ৰশ্মি ৰাণাই জানিবলৈ দিয়া অনুসৰি অধ্যয়নটোত কোভিড-১৯ ৰ সংবেদনশীলতা, পূৰ্বানুমান, পুনৰুদ্ধাৰৰ সময় আৰু মৃত্যুৰ সৈতে A B O আৰু Rh ৰক্ত গোটৰ সম্পৰ্কৰ সন্দৰ্ভত চলোৱা হৈছিল এই অনুসন্ধান।

16 views0 comments