৯০ পালি কৰোনা ভেকচিন ল'লে ব্যক্তিজনে, কাৰণ জানিলে আচৰিত হ’ব আপুনি




কৰোনা ভেকচিনৰ(Corona Vaccine) নির্দিষ্ট পালিকেইটা লৈয়েই তেওঁ ক্ষান্ত থকা নাই। তাৰ পিছতো কেইবাবাৰো তেওঁ স্বেচ্ছাই টিকা লৈছে। সেয়াও কিমানবাৰ জানেনে? কমেও ৯০ বার। এই অদ্ভুত ঘটনাটো ঘটিছে জার্মানীৰ (Germany) মেগডিবার্গ চহৰত। আৰক্ষীয়ে ব্যক্তিজনৰ নাম গোপনে ৰাখিছে। পৰিচয় গোপন কৰি ৰখা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মূলতঃ জালিয়াতিৰ উদ্দেশ্যে তেওঁ ইমানবাৰ ভেকচিন গ্ৰহণ কৰিছে। ইফালে ৯০ পালি ভেকচিন োৱা ব্যক্তিজনৰ বৰ্তমান শাৰীৰিক অৱস্থা সন্দৰ্ভত আৰক্ষীয়ে একো জনোৱা নাই। আৰক্ষীয়ে ব্যক্তিজনৰ বিৰুদ্ধে অবৈধভাৱে ভেকচিক কাৰ্ড প্ৰস্তুত আৰু জালিতিৰ গোচৰ ৰুজু কৰা হৈছে।

কেনে ধৰণৰ জালিয়াতি (Forgery) কৰিছে ব্যক্তিজনে? আৰক্ষীয়ে কৈছে, ভেকচিন ল’বলৈ অনিশ্চুক ব্যক্তিৰ হৈ ভেকচিন লয় ব্যক্তিজনে। উল্লেখ্য যে মহামাৰীৰ সময়ত আন কেইবাখনো দেশৰ লেখীয়াকৈ জার্মানিতো ক’ভিড পাছৰ ব্যৱস্থা আছিল। অৰ্থাৎ ভেকচিন কার্ড অর্থাৎ ভেকচিন লোৱা প্রমাণপত্র দেখুৱালেহে পোৱা যায় সেই পাছ। পাছখন দেখুৱালে শ্বপিং মল, ৰেস্তৰাঁ, চিনেমা হল আদিত প্ৰৱেশাধিকাৰ পোৱা যায়। অধিকাংশ অফিচতো এই কৰোনা পাছ বাধ্যতামূলক আছিল।

ক’ভিড পাছৰ বাবে ভেকচিনৰ ইউনিক বেছ নম্বৰৰ দৰকাৰ হয়। সেই কামতেই সহায় কৰে অভিযুক্ত ব্যক্তিজন। তেওঁ বিভিন্ন কোম্পানীৰ ভেকচিন লৈ সেই বেছ নম্বৰ আন লোকলৈ পঠিয়াই দিয়ে। নম্বৰটো ব্যৱহাৰ কৰি ব্যক্তিজনে ক’ভিড পাছ সৰকাই লয়। ইয়াৰ বিনিময়ত ভেকচিন গ্ৰহণ কৰা ব্যক্তিজনে বুজন পৰিমাণৰ ধন আদায় কৰে। কেইবামাহ ধৰি তেওঁ এই দুষ্কাৰ্য চলাই আছিল বুলি জাৰ্মানী আৰক্ষীয়ে সংবাদমাধ্যমক জনাইছে। অৱশেষত তেওঁ ধৰা পৰে।

জাৰ্মান আৰক্ষীয়ে অভিযোগটো পোৱাৰ পিছত কেইবাদিন ধৰি ব্যক্তিজনৰ সন্ধান চলাই আছিল। তাৰে মাজতে এদিন এজন ব্যক্তিক একেৰাহে দ্বিতীয় দিন ভেকচিন কেন্দ্ৰ দেখা যায়। লগে লগে আৰক্ষীয়ে তেওংক আটক কৰে। লোকজনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ভেকচিন কাৰ্ড জব্দ কৰে। তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে।

9 views0 comments