পেট্ৰ'ল-ডিজেলৰ দামত জ্বলিয়েই আছে দামবৃদ্ধিৰ দাবানল




পেট্ৰ'ল-ডিজেলৰ দামবৃদ্ধিত শেহতীয়াকৈ লগা জুইকুৰা নুমুওৱাৰ নামেই নোলোৱা হৈছে। কেৱল বাঢ়িয়েই আছে। চৰকাৰো চকু মুদা কুলিৰ ভাও দি সকলো দেখিও নেদেখা হৈ আছে। সাধাৰণ মানুহৰ সমস্যা আৰু সংকটৰ যেন কোনো মূল্যই নাই।



অসমত পেট্ৰ’লৰ দামে কেতিয়াবাই শতক মাৰিলে। সমগ্ৰ দেশখনতে একেই অৱস্থা। ডিজেলৰ দামো চেঞ্চুৰীৰ কাষত। ইমানতো চৰকাৰ নীৰৱে থকা উচিতনে? ইন্ধনৰ এই দামবৃদ্ধিৰ প্ৰভাৱ দেশখনৰ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে পৰিব। সকলো সামগ্ৰী আৰু সেৱাৰ দাম বাঢ়িছে আৰু বাঢ়িব।


আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১.০৪ টকাকৈ বৃদ্ধি পাইছে। ফলত গুৱাহাটীত লিটাৰেপতি পেট্ৰ’লৰ দাম হৈছে ১০৫.৮১ টকা। আনহাতে, ডিজেলত আজি বৃদ্ধি পালে ৯৯ পইচা। গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছেগৈ ৯১.৫৫ টকা।


ইফালে, কামৰূপ (গ্ৰাম্য)ত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ১০৫.৮১ টকা। ডিজেলৰ দাম ৯১.৫৫ টকা প্ৰতিলিটাৰত। বৰপেটাত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ১০৬.৩২ টকা আৰু ৯২.০২ টকা। বঙাইগাঁৱত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ১০৫.৬৫ টকা আৰু ৯১.৩৯ টকা। দৰঙত এই দাম ক্ৰমে ১০৬.০৭ টকা আৰু ৯১.৭৮ টকা।

ডিব্ৰুগড়ত পেট্ৰ’লৰ দাম ১০৬.৭৪ টকা, ডিজেলৰ দাম ৯২.৪০ টকা।

গোৱালপাৰাত পেট্ৰ’ল ১০৬.৫৭ টকীয়া হ'ল। আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৯২.২৫ টকা। যোৰহাটত এই দাম ক্ৰমে ১০৫.৯৮ টকা আৰু ৯১.৭০ টকা। গোলাঘাটত পেট্ৰ’লৰ দাম ১০৫.৮৩ টকা আৰু ডিজেলৰ দাম ৯১.৫৬ টকা।


ইফালে, লখিমপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৮.১২ টকা আৰু ডিজেলৰ দাম ৯৩.৭০ টকা। নলবাৰীত এই দাম ক্ৰমে ১০৬.৩৬ টকা, ৯২.০৫ টকা।শিৱসাগৰত  ১০৭.০০ টকা আৰু ৯২.৬৫ টকা।

8 views0 comments