কংগ্ৰেছ-টিএমচি-বাওঁপন্থী শাসিত ৰাজ্যত নকমালে পেট্ৰ'ল-ডিজেলৰ দাম : মুখতহে মূল্যবৃদ্ধিৰ ৰামনাম



মুখতহে দাম বৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছ, টিএমচি, বাওঁপন্থীৰ :


নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে শেহতীয়াকৈ আবকাৰী কৰ হ্ৰাস পেট্ৰল-ডিজেলৰ দাম কৰে। লগতে বিজেপিশাসিত ৰাজ্যৰ চৰকাৰসমূহেও ভেট হ্ৰাস কৰি দুয়োবিধ ইন্ধনৰ দাস হ্ৰাস কৰিলে। কিন্তু দাম বৃদ্ধি ঘটা বুলি ৰাজপথত টেটু ফালি থকা বিৰোধী দলৰ শাসনত থকা ৰাজ্যত কণা নাই পেট্ৰ'ল-ডিজেলৰ দাম।


তৃণমূল কংগ্ৰেছশাসিত পশ্চিমবংগত কেন্দ্ৰই হ্ৰাস কৰা দামতকৈ এপইচাও কমা নাই। শিৱসেনাৰ শাসনত থকা মহাৰাষ্ট্ৰ, কংগ্ৰেছৰ শাসনত থকা পঞ্জাব, ৰাজস্থান আৰু ছত্তীশগড়, বাওঁপন্থীৰ শাসনত থকা কেৰালা, আম আদমি পাৰ্টিৰ শাসনত থকা দিল্লীৰ উপৰি তেলেংগানা, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, ঝাৰখণ্ডৰ দৰে বিৰোধীৰ দখলত থকা ৰাজ্যত হ্ৰাস কৰা নাই পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপিত ভেট। ইয়াৰ বিপৰীতে ভাৰতৰ ২২খন ৰাজ্যৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই হ্ৰাস কৰিছে ৰাজ্যিক ভেট।



প্ৰাপ্ত তথ্য অনুসৰি, বিজেপিবিৰোধী ৰাজনৈতিক দলৰ দখলত থকা দেশৰ ১৪খন ৰাজ্যৰ জনসাধাৰণে আন ৰাজ্যৰ তুলনাত অধিক দাম ভৰি ক্ৰয় কৰিব লগা হৈছে পেট্ৰ'ল-ডিজেল।

19 views0 comments