গুৱাহাটীতো চেঞ্চুৰী কোবালে পেট্ৰ’লৰ দামে : লিটাৰত ১০১.৪৫ টকা




অৱশেষত গুৱাহাটীতো চেঞ্চুৰী কোবালে পেট্ৰ'লৰ দামে। আজি লিটাৰত একেকোবে ১.৪২ টকা বৃদ্ধি মহানগৰীত পেট্ৰ’ল দাম হয় ১০১.৪৫ টকা। ইফালে, ডিজেলৰো দামে দ্ৰুতগতিত চেঞ্চুৰীৰ দিশে অগ্ৰসৰ হৈছে। আজি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলত ১.৩৪ টকা বৃদ্ধি পাইছে। ইয়াৰ ফলত লিটাৰেপতি ডিজেলৰ দাম হৈছে ৮৭.৩৭ টকা।

উল্লেখ্য যে আজিকে ধৰি দেশত ১০ দিনত নদিনেই বৃদ্ধি কৰা হৈছে পেট্ৰ'ল-ডিজেলৰ দাম। আজি দেশৰ বিভিন্ন অংশত পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতি লিটাৰত ক্ৰমে ন্যূনতম ৮০ পইচা আৰু ৭০ পইচা বৃদ্ধি হৈছে। তেল কোম্পানীসমূহে এই দাম নিৰ্ধাৰণ কৰিছে।


দিল্লীত পেট্ৰ’ল ৮০ পইচা প্ৰতিলিটাৰত বৃদ্ধি হৈ নতুন দাম হৈছে ১০১ টকা। মুম্বাইত পেট্ৰ’লত ৮৫ পইচা বৃদ্ধি হৈছে। দিল্লীত ডিজেলৰ দামো ৮০ পইচাকৈ বৃদ্ধি পাইছে।

আজি দিল্লীত পেট্ৰ’ল ১০১.০১ টকা আৰু ডিজেল ৯২.২৭ টকাত বিক্ৰী হৈছে। মুম্বাইত প্ৰকি লিটাৰ পেট্ৰ’ল ১১৫.৮৮ টকা আৰু ডিজেল ১০০.১০ টকাত গ্ৰাহকে কিনিবলগীয়া হৈছে।

5 views0 comments