মণিপুৰত পিএলএৰ এম্বুশ : পত্নী-পুত্ৰসহ সেনাৰ অধিনায়ক, ৪ জোৱান নিহত





মণিপুৰৰ সিংঘাত মহকুমাত সন্ত্ৰাসবাদীৰ এম্বুশত আছাম ৰাইফলছ ৪৬নং বেটেলিয়নৰ অধিনায়ক, তেওঁৰ পত্নী-পুত্ৰ আৰু চাৰিজন জোৱান নিহত হয়। ঘটনাটোত তিনিজন জোৱান আহত হৈছে। ঘটনাটোৰ বিস্তৃত খবৰ অদ্যাপি পোৱা হোৱা নাই। জানিব পৰা মতে, শনিবাৰে আছাম ৰাইফলছৰ বিষয়াগৰাকী আৰু তেওঁৰ পৰিয়ালটো কুইক ৰেছপন্স টীমৰ এটা দলৰ সৈতে গৈ আছিল। নিৰাপত্তা বাহিনীৰ দলটোক পথত খাপ পিটি থকা উগ্ৰপন্থী সংগঠন পি এল এৰ দল এটাই অতৰ্কিতে আক্ৰমণ কৰে। আক্ৰমণত অধিনায়ক, তেওঁৰ পত্নী আৰু পুত্ৰৰ লগতে 'ৰেফ' জোৱান চাৰিজন নিহত হয়। তদুপৰি তিনিজন জোৱান আহত হয়। আহতত্ৰয়ক লগে লগে বাহিয়াং প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


ইফালে, ঘটনাৰ পাছতে সেনা-অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ বৃহৎ দল আক্ৰমণস্থলীত উপস্থিত হৈ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানত নামি পৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

13 views0 comments