যুৱপ্ৰজন্মৰ ক্ৰিপ্ট' ব্যৱহাৰকাৰীসকললৈ প্ৰধানমন্ত্ৰী মোডীৰ সকিয়নী




ক্ৰিপ্ট' ৰ বিনিয়োগ কৰিবলৈ যুৱ প্ৰজন্ম আজিৰ তাৰিখত যথেষ্ট আগ্ৰহী । কিন্তু সেই সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া সকিয়নী য়ে আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে যুৱ প্ৰজন্মক । ক্ৰিপ্ট'কাৰেন্সি সন্দৰ্ভত প্ৰদান কৰা নিজৰ প্ৰথমটো সাৰ্বজনিক মন্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকিয়াই দিয়ে যে যুৱপ্ৰজন্মৰ বাবে বিটকইন বিপদজনক হ'ব পাৰে কাৰণ তেওঁৰ চৰকাৰে ডিজিটেল মুদ্ৰাসমূহৰ বাবে আইন তৈয়াৰ কৰিবলৈ আগবাঢ়িছে । ক'লাধনৰ বৈধকৰণ আৰু সন্ত্ৰাসবাদক ধন যোগান ধৰাৰ মূলপথত পৰিণত হোৱা অনিয়ন্ত্ৰিত ক্ৰিপ্ট' বজাৰবোৰৰ ওপৰত উত্থাপিত সজাগতাৰ সৈতে ভাৰতত ক্ৰিপ্ট'কাৰেন্সি কি ধৰণে আগবাঢ়িব তাৰ ওপৰত আলোচনা কৰাৰ কেইদিনমান পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায় । উদীয়মান, মহত্বপূৰ্ণ আৰু চাইবাৰ প্ৰযুক্তিবোৰৰ ক্ষেত্ৰত থকা এক মঞ্চ, 'চিডনী দাইলগ'ত দিয়া এক ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতত যথেষ্ট জনপ্ৰিয় তথা ৰাজ্য আৰু কেন্দ্ৰৰ বেংক নিয়ন্ত্ৰণৰ বাহিৰত থকা ভাৰ্চুৱেল পইচা বোলা ডোমেইনটোক খুটিনাতি মাৰি পৰিষ্কাৰ কৰাটো জৰুৰী বুলি উল্লেখ কৰে । ইফালে ক্ৰিপ্ট'কাৰেন্সিৰ সমালোচকসকলৰ মতে ই হৈছে ড্ৰাগছ তথা মানৱ সৰবৰাহকাৰী আৰু অন্যান্য দুস্কৃতিকাৰীবোৰৰ বাবে এক সোণালী মাধ্যম । উল্লেখযোগ্য যে ভাৰতে ২০১৮ চনত ক্ৰিপ্ট'কাৰেন্সিক নিষেধ ঘোষণা কৰিছিল যদিও তাৰ দুবছৰ ভিতৰত উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা উঠাই লয় । এক প্ৰতিবেদন অনুসৰি সম্প্ৰতি ১০০ মিলিয়নতকৈও অধিক ভাৰতীয় লোকে ভাৰ্চুৱেল মুদ্ৰা ব্যৱহাৰ কৰে । ব্যৱহাৰকাৰীৰ সংখ্যাৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু নাইজেৰিয়াৰ পিছতে আছে ভাৰতৰ স্থান । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শক্তিকান্ত দাসে কয় যে ক্ৰিপ্ট'কাৰেন্সি ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বিপদ হিচাপে পৰিগণিত হ'ব যদিহে ইয়াক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নাযায় ।

3 views0 comments