শব্দহীনতাত চিৰদিনৰ বাবে হেৰাই কবি সনন্ত তাঁতী




অসমীয়া কবিতা জগতখনৰ উজ্জ্বল নক্ষত্ৰ কবি সনন্ত তাঁতী আৰু নাই। নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ দিয়া কবিজন দূৰ দেশলৈ গুচি গ'ল। বুধবাৰে মাজনিশা নতুন দিল্লীৰ এখন হাস্পতালত তেওঁৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। নিশা ১.০৫ বজাত ৬৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।




কবি সনন্ত তাঁতী জন্মগ্ৰহণ কৰিছিল এটা ওড়িয়া শ্ৰমিক পৰিয়ালত। শিক্ষাগ্ৰহণ কৰিছিল বাংলা ভাষাত। কিন্তু মূলতঃ সাহিত্য ৰচনা কৰিছিল অসমীয়া ভাষাত। তেওঁৰ হাতত ধৰি অসমীয়া কবিতাই বহু দূৰ বাট আগুৱাই যাবলৈ সক্ষম হৈছে। এইগৰাকী কবিয়ে ২০১৮ বৰ্ষত ‘কাইলৈৰ দিনটো আমাৰ হ'ব’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।


কবি সনন্ত তাঁতীৰ ১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জ জিলাৰ কালীনগৰ চাহ বাগিচাত জন্ম হৈছিল। তেওঁৰ পিতৃ‍ৰ নাম লোকনাথ তাঁতি আৰু মাতৃৰ নাম বৈতৰণী তাঁতি। তাঁতিয়ে কালীনগৰ চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলি ৰামকৃষ্ণ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। একে বছৰতে শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত নামভৰ্তি কৰে যদিও আৰ্থিক দুৰৱস্থাৰ বাবে কলেজীয়া জীৱন আধাতে সামৰি চাকৰিত যোগদান কৰে। পৰৱৰ্তীকালত তেওঁ অৱশ্যে স্নাতক ডিগ্ৰী লাভ কৰে। যোৰহাটত চাকৰি কৰি থকা অৱস্থাত যোৰহাট এমালগেমেটেড কলেজত নৈশ শাখাত পঢ়াশুনা কৰে আৰু ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাবে ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।


১৯৭১ চনত সনন্ত তাঁতিয়ে যোৰহাটত থকা অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত (পূৰ্ব নাম অসম চাহবাগিচা ভৱিষ্যনিধি আৰু বৃত্তিনিধি আঁচনি) কৰ্মচাৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত জ্যেষ্ঠ জনসংযোগ বিষয়া আৰু উপ- ভৱিষ্যনিধি আয়ুক্ত হিচাবে কাৰ্যনিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত পুনৰ ডেৰ বছৰ একেটা কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাবে দায়িত্ব পালন কৰিছিল।


কবি সনন্ত তাঁতীয়ে কেউবাখনো অমূল্য গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। গ্ৰন্থসমূহ হৈছে- উজ্জ্বল নক্ষত্ৰৰ সন্ধানত, মই মানুহৰ অমল উৎসৱ, নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, শব্দত অথবা শব্দহীনতাত, মৃত্যুৰ আগৰ ষ্টপেজত, টোপনিতো কেতিয়াবা বাৰিষা আহে, ধোঁৱা ছাইৰ সপোন, দীৰ্ণ বসন্তৰ সৌৰভ, আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে,

মই, মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ, কাইলৈৰ দিনটো আমাৰ হ’ব

মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে, কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে।



জীৱনকালত কবি সন‍ন্ত তাঁতীয়ে বহু

পুৰস্কাৰ আৰু সন্মান লাভ কৰিছে। ১৯৯২ চনত অসম কবি সমাজে তেওঁক মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰে। ২০০২ চনত দলিত সাহিত্য অকাডেমি (অসম শাখা)য়ে বীৰ বীৰছা মুণ্ডা পুৰস্কাৰ,

২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদৰ ওচমান আলী সদাগৰ সমন্বয় বঁটা, ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনৰ ক্ৰান্তিকাল সাহিত্য সন্মান, ২০১৫ চনত অসম সাহিত্য সভাৰ নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা, ২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনৰ শিৰীষ-অইল সাহিত্য বঁটা, ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনৰ পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসৰ অসম উপত্যকা সাহিত্য বঁটা, ২০১৮ চনত সাহিত্য অকাডেমিৰ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা, ২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাৰ মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটাৰে বিভূষিত হৈছে কবি সনন্ত তাঁতী।

11 views0 comments