আৰক্ষী সোমাল, পোছাক খুলি কইনাগৃহৰ পৰা পলাল দৰা





আৰক্ষী সোমাল, ৰভাতলী এৰি দৰা পলাল। ঘটনাটো এইখন অসমৰে। নাৰীক খেলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা প্ৰৱঞ্চক-লম্পট দৰাটোৰ নাম জেচিমুদ্দিন আহমেদ। প্ৰথমা পত্নীৰ অজ্ঞাতে গোপনে দ্বিতীয়বাৰ বিয়া কৰাৰ ফন্দি পতা জেচিমুদ্দিনে কইনাগৃহত পৰাই পলাবলগীয়া হয়। নিশা বিবাহৰ অনুষ্ঠান চলি থাকোঁতে প্ৰথমা পত্নী আৰক্ষীৰ দল লৈ উপস্থিত হয়। কথা বিষম দেখি দৰাৰ পোছাক খুলি কইনাগৃহৰ পিছ দুৱাৰেৰে পলায়ন কৰে প্ৰৱঞ্চক জেচিমুদ্দিনে।


শেহতীয়াকৈ পোহৰলৈ অহা ঘটনাটোৱে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি অঞ্চলত ব্যাপক চৰ্চা লাভ কৰিছে।


উল্লেখ্য যে গুৱাহাটীৰ হাতীগাঁও খিজুবাৰী নিৱাসী মফিজুৰ ৰহমানৰ পুত্ৰ জেচিমুদ্দিন আহমেদৰ সৈতে উজনি অসমৰ এগৰাকী যুৱতীৰ প্ৰেম সূত্ৰে বিবাহ হয়। ২০১৮ চনৰ পৰা সম্পৰ্ক ৰক্ষা কৰি অহা জেচিমুদ্দিন আৰু যুৱতীগৰাকীয়ে ২০২০ বৰ্ষৰ ১৫ জুনত এখন বৈবাহিক চুক্তিত স্বাক্ষৰ কৰি যুগ্ম জীৱনৰ পাতনি মেলে। দুয়োজনে পতি-পত্নীৰ দৰে থাকিবলৈ লয় যদিও জেচিমুদ্দিনৰ পৰিয়ালৰ লোকে বিবাহখনত সন্মতি প্ৰদান কৰা নাছিল বুলি জেচিমুদ্দিনৰ পত্নীয়ে জানিবলৈ দিয়ে।


যুগ্মভাবে পাৰ কৰা প্ৰায় দুবছৰত কেতিয়াবা উজনি অসমৰ পত্নী গৃহত আৰু কেতিয়াবা গুৱাহাটীৰ ল'জত অথবা ভাৰাঘৰত থাকি পাৰ কৰে। উক্ত সময়ছোৱাত জেচিমুদ্দিনে বিভিন্ন কৌশল কৰি পত্নীৰ পৰা নগদ ধনৰ লগতে এ টি এম কাৰ্ড, সোণৰ চেইন আদি সৰকাই নিয়া বুলি পত্নীয়ে জানিবলৈ দিয়ে। কিন্তু বিগত প্ৰায় এমাহ ধৰি স্বামী জেচিমুদ্দিনে হঠাৎ পত্নীৰ সৈতে যোগাযোগ বন্ধু কৰি পুনৰ বিবাহৰ বাবে বাইহাটা চাৰিআলি অঞ্চলৰ এগৰাকী যুৱতীক পছন্দ কৰে।


ইফালে গোপনে আয়োজন কৰা বিবাহ সম্পৰ্কে জেচিমুদ্দিনৰ পত্নীয়ে বিবাহৰ আগদিনা অৱগত হয়। তেওঁ ৬ ফেব্ৰুৱাৰীত বিবাহ চলি থকাৰ দিনাই বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হয়। জেচিমুদ্দিনৰ পত্নীয়ে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীক প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰে। নিশা প্ৰায় ১০.৩০ বজাত বিবাহস্থলীত আৰক্ষীৰ লগত পত্নীও গৈ উপস্থিত হয়। একে সময়তে বিবাহিত জেচিমুদ্দিনে দৰাৰ সাজত নকইনাক লৈ যাবলৈ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত কইনাগৃহত উপস্থিত হয়।


কিন্তু আৰক্ষীৰ সৈতে জেচিমুদ্দিনৰ পত্নী বিবাহস্থলীত উপস্থিত হোৱা বুলি অৱগত হোৱাত দৰাৰ সাজত থকা জেচিমুদ্দিনে কইনাগৃহৰ ঘৰৰ পিছ পিনেৰে গৈ আত্মগোপণ কৰে। ইফালে বিবাহস্থলীত দৰাৰ পূৰ্বৰ পত্নীসহ আৰক্ষীৰ লোক উপস্থিত হোৱাত স্থানীয় লোক হতভম্ব হৈ পৰে। আৰক্ষীয়ে দৰাৰ অভিভাৱকৰ সৈতে কথা পাতিবলৈ বিচৰাত অভিভাৱক উপস্থিত হয়। আৰক্ষীয়ে দৰাৰ পত্নীৰ অভিযোগ উপস্থাপন কৰি থানালৈ আহিবলৈ কয় যদিও ইতিমধ্যে দৰাই সাধাৰণ পোছাক পৰিধান কৰি অন্য এটা পথেৰে পলায়ন কৰে। পিছত দৰাৰ পৰিয়ালৰ লোকে নকইনাক দৰা গৃহ জেচিমুদ্দিনৰ ঘৰলৈ লৈ যায়।


আনহাতে জেচিমুদ্দিনৰ বিৰুদ্ধে পূৰ্বৰ পত্নীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত ৭ ফেব্ৰুৱাৰীত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৫৫/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪১৯, ৪৭৩, ৩১৩, ৩৭৯, ৫০৬, ৫০৯নং ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

3 views0 comments