নগাঁৱত আৰক্ষীৰ গুলী : এনকাউণ্টাৰত ড্ৰাগছ মাফিয়া আহত







নগাঁও জিলাৰ জুৰীয়া কদমনিত শুকুৰবাৰে নিশা আৰক্ষীৰ গুলীত এটা ড্ৰাগছ মাফিয়া গুৰুতৰভাৱে আহত হয়। মাফিয়াটোৱে আৰক্ষীক দাৰে আক্ৰমণ কৰি পলায়নৰ অপচেষ্টা চলাইছিল। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত মাফিয়াটো আহত হয়। মাফিয়াটোৰ নাম ময়জুল ইছলাম।


জানিব পৰা মতে, ময়জুল ইছলামক আৰক্ষীয়ে শুকুৰবাৰে ৭৫০ গ্ৰাম হেৰ'ইনৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল। ড্ৰাগছ মাফিয়াটোৰ ঘৰ জুৰীয়াৰ কদমনি পথাৰত। আৰক্ষীয়ে ড্ৰাগছ সম্পৰ্কীয় তদন্তৰ বাবে নিশা ময়জুলক লগত লৈ ময়জুলৰে বাসগৃহলৈ যায়৷ অনুসন্ধান চলি থকাৰ সময়তে আন্ধাৰৰ সুযোগ লৈ ময়জুলে আৰক্ষীক দাৰে আক্ৰমণ কৰে আৰু আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলী চলায়৷ ঘটনাত ভৰিত গুলী লাগি ময়জুল আহত হয়। আহত ময়জুলক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।


ইয়াৰ পূৰ্বে শুকুৰবাৰে দিনৰ ভাগত নগাঁও আৰক্ষীয়ে এটা গোপনসূত্ৰৰ পমখেদি চলোৱা অভিযানত প্ৰায় ৭৫০ গ্ৰাম হেৰ'ইনসহ আটক কৰিছিল ময়জুল ইছলামক। জব্দকৃত হেৰ'ইনখিনিৰ বজাৰদাম প্ৰায় কৌটি টকা৷

আৰক্ষীয়ে ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত ময়জুলক আটক কৰে।


6 views0 comments